Breaking

পূর্ণ গতিত থিয়েটাৰ বীণাপাণিৰ আখৰা

0 2,148

 ভ্ৰাম্যমাণ থিয়েটাৰৰ শিবিৰে শিবিৰে আৰম্ভ হৈছে নাটকৰ যুদ্ধকালীন প্ৰস্তুতি। ক’ৰোনা মহামাৰীয়ে জুৰুলা কৰা সংস্কৃতিৰ পথাৰখন জীপাল কৰাৰ দুঃসাহসেৰে সাজু হোৱা প্ৰনৱ বৰ্মনৰ  প্ৰযোজিত থিয়েটাৰ বীণাপাণিৰ ইতিমধ্যে প্ৰস্তুতি তুংগত । নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি চলিত ২১-২২ নাট্যবৰ্ষত থিয়েটাৰ বীণাপাণিৰ মঞ্চত দেখিবলৈ পোৱা যাব চাৰিজন নাট্যকাৰৰ চাৰিখন ভিন্ন ৰসৰ নাটক। নাট্যকাৰ অভিজিৎ ভট্টাচার্যৰ “কলংকিনী ৰাধা”, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ “বলিদান”, সতীশ দাসৰ “মহা মিলন” আৰু ৰমা বৰ্মনৰ “বদনামী ছোৱালী” । ইতিমধ্যে মাটি আখৰা সম্পূর্ণ কৰি মঞ্চ আখৰাত ব্যস্ত হৈছে শিল্পী সকল আনহাতে চলিত নাট্যবৰ্ষত বীণাপাণিৰ মঞ্চত বহুতো ন পুৰণি অভিনেতা অভিনেত্রীৰ অভিনয়ৰ সমাহাৰ ঘটিব যত অভিনয় কৰিব বলিষ্ঠ অভিনেতা কৃষ্ণমনি নাথ, বিশাল বৰা, ৰাজীৱ শৰ্মা, পল্লৱ দিক্ষীত, সঞ্জীৱ বৈশ্য, প্ৰিয় বৰ্মন, কংকন দেৱনাথ, আলু খ্যাত গৌৰাংগ, অভিনেত্রী হেলেনা আখটাৰ, লীজা ববৰা আৰু বৰ্নালী পাঠকে। তাৰোপৰি নাটকৰ সংগীত পৰিচালনা কৰিছে বিশিষ্ট সংগীত পৰিচালক অমিত সিনহাই। থিয়েটাৰ বীণাপাণিৰ  সম্পাদকৰ দায়িত্বত আছে ৰাজীৱ শৰ্মা আৰু কৰেন বৰ্মন। প্ৰযোজক প্ৰনৱ বৰ্মনে জানিব দিয়া মতে ৭ অক্টোবৰত বনিয়াকুছিত বীণাপাণি থিয়েটাৰে নাট্যযাত্ৰা আৰম্ভ কৰিব। সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা আৰু আশীর্বাদ বিচাৰিছে থিয়েটাৰ বীণাপাণিৰ প্ৰযোজক পৰিচালক শিল্পী কলাকুশলী সকলে।

Leave A Reply

Your email address will not be published.