Breaking

৯,১০ ছেপ্টেম্বৰত নতুন দিল্লীত G-20 শীৰ্ষ সন্মিলন। ন ৰূপত সজাই তোলা হৈছে দেশৰ ৰাজধানী নতুন দিল্লী…

0 78

জি-২০ বৈঠকৰ বাবে সাজু ৰাজধানী দিল্লী। দিল্লীৰ ঐতিহাসিক স্মাৰকসমূহ সজাই তোলা হৈছে। মুঠতে সকলোফালৰ পৰা সজাই পৰাই তোলা হৈছে ৰাজধানী দিল্লী। অতি আদৰেৰে আপ্যায়ণ কৰিব অতিথিক। বিভিন্ন ৰাষ্ট্ৰৰ নেতা সকলে লাসী হোটেলত সোণ ৰূপৰ বাচনত কৰিব পৰিৱেশন য’ত ভাৰতৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ আভাস পোৱা যাব। উপস্থিত থাকিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী তথা ভাৰতৰ জোঁৱাই ঋষি সুনাক আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু অন্যান্য ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীও। জি-২০ শীৰ্ষ সন্মিলনৰ বাবে হৈছে ৰাজধানী দিল্লী। জি-২০ক পৃথিৱীৰ অন্তিমটো প্ৰান্তলৈ লৈ যোৱাৰ প্ৰয়াস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব জি-২০ সন্মিলন। সন্মিলনলৈ আহিবলগীয়া ৰাষ্ট্ৰপ্ৰধান আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক আদৰণি জনোৱাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত দিল্লী। এই সময়চোৱাত বহু ডাঙৰ ডাঙৰ নেতা দিল্লীত থাকিব। জি২০সন্মিলনৰ বাবে ভাৰতলৈ অহা বিশ্বৰ নেতাসকলক ৰূপ আৰু সোণৰ বাচনত ৰাতিৰ আহাৰ গ্ৰহণ কৰিব। জয়পুৰস্থিত মেটালৱেৰ ফাৰ্ম আই আৰ আই এছ-জয়পুৰক জি-২০ প্ৰতিনিধিৰ প্ৰয়োজনীয়তা পূৰণ কৰি নতুন দিল্লীৰ বিলাসী হোটেললৈ সোণ আৰু ৰূপ প্লেটেড টেবুলৱেৰ যোগান ধৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

প্ৰতিখন টেবুলত ভাৰতৰ সংস্কৃতি, শিল্প, আৰু আতিথ্যক প্ৰতিফলিত কৰিব। জি-২০ নেতা সন্মিলনৰ মেনুত বিভিন্ন ধৰণৰ ষ্ট্ৰীট ফুড আৰু বাজৰা অন্তৰ্ভুক্ত কৰা উদ্ভাৱনীমূলক খাদ্য অন্তৰ্ভুক্ত কৰা হ’ব, যাৰ ফলত বিশ্বৰ নেতা আৰু প্ৰতিনিধিসকলক স্মৰণীয় গেষ্ট্ৰ’নমিক অভিজ্ঞতাৰ আদৰণি জনোৱা নিশ্চিত কৰা হ’ব। যোৱা বছৰৰ ১ ডিচেম্বৰত ভাৰতে জি-২০ৰ সভাপতিত্ব গ্ৰহণ কৰিছিল আৰু তাৰ পিছত দেশৰ ৬০খন চহৰত জি-২০ৰ সৈতে জড়িত প্ৰায় ২০০খন বৈঠকৰ আয়োজন কৰিছে। নতুন দিল্লীৰ প্ৰগতি ময়দানস্থিত অত্যাধুনিক ভাৰত মণ্ডপাম কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব জি-২০ সন্মিলন। সন্মিলনৰ সময়ত বিমান বন্দৰত সুৰক্ষা প্ৰদানৰ বাবে বায়ু সেনা উপস্থিত থাকিব। আকাশৰ পৰা যিকোনো ভাবুকিৰ মোকাবিলা কৰিবলৈ অপাৰেচন ডাইৰেকশ্বন চেণ্টাৰ স্থাপন কৰা হৈছে। ইয়াৰ অধীনত চুখোই যুঁজাৰু বিমানলৈ ৰাফেল যুঁজাৰু বিমানকো সাজু কৰি ৰখা হৈছে।

Leave A Reply

Your email address will not be published.