Breaking

Sumi Borah: আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং

27

আইনগতভাৱে চুমী বৰাক এখন জাননী দিয়া হৈছে। জাননীৰ পিছতো যদি নাহে, চুমী বৰাৰ বিৰুদ্ধে উচিত ব্যৱস্থা হ’ব। X,Y,Z যোনেই হওক, তেওঁলোক আইনৰ আওতাত আহিবই লাগিব। এই কেচটো আৰক্ষীয়ে নিজাববীয়াকৈ লৈছে। (G P Singh’s comments on Sumi Bora)

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ আইনগতভাৱে চুমী বৰাক এখন জাননী দিয়া হৈছে। জাননীৰ পিছতো যদি নাহে, চুমী বৰাৰ বিৰুদ্ধে উচিত ব্যৱস্থা হ’ব। X,Y,Z যোনেই হওক, তেওঁলোক আইনৰ আওতাত আহিবই লাগিব। এই কেচটো আৰক্ষীয়ে নিজাববীয়াকৈ লৈছে। এইটো হৈছে এশ শতাংশ টেকনিকেল অনুসন্ধান। পইচা দিয়া মানুহ, কাৰ একাউণ্টত দিছে, কেনেকৈ দিছে, সেইবোৰ Oral Statementৰ ওপৰত নিৰ্ভৰ নকৰে। যাৰ বিৰুদ্ধে যি তথ্য পোৱা যায় তেনেকৈ ব্যৱস্থা লোৱা হ’ব। XYZ কোনোবা দুই, এজনৰ বাবে অনুসন্ধান বন্ধ হৈ নাযায়। পলাতক চুমি বৰাৰ সন্দৰ্ভত এইদৰে DGP জি পি সিঙে মন্তব্য কৰে।(G P Singh’s comments on Sumi Bora)

আনহাতে আদালতত আজি হাজিৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চক বিশাল ফুকনক। ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক বিশাল ফুকন। আজি উকলিব আৰক্ষীৰ জিম্মাৰ ম্যাদ। আজি উকলিব আৰক্ষীৰ জিম্মাৰ ম্যাদ। বিশাল ফুকনক আজি জে’ললৈ প্ৰেৰণৰ সম্ভাৱনা।

অভিযোগ অনুসৰি বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল। ইতিমধ্যে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাত নাম সাঙোৰ ৰীলছ ৰাণী খ্যাত চুমি বৰাৰ। বৰ্তমান স্বামীৰ সৈতে পলাতক হৈ আছে চুমি বৰা।(sumi borah)

বিশাল-চুমিৰ এই ঘটনাক লৈ মানুহৰ মনত প্ৰশ্ন সৃষ্টি হৈছে। কিয়নো আজি পৰ্যন্ত চুমি আৰু তেওঁৰ স্বামীৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। চুমি-তাৰ্কিকে ব্যৱহাৰ কৰা বাহনৰ সন্ধানো ওলাইছে কিন্তু সন্ধান চুমি আৰু তাৰ্কিকৰ। পাথৰকোঁৱেৰীৰ আইডেল হিল ভিউ এপাৰ্টমেণ্টতৰ পাৰ্কিঙত পাইছিল চুমিয়ে ব্যৱহাৰ কৰা বাহন খন।

আনহাতে চুমি বৰাই যিকোনো মুৰ্হূততে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব পাৰে। সেই সম্ভাৱনা এতিয়া ধিক উজ্জ্বল হৈ পৰিছে। আনকি চুমি বৰাই ইতিমধ্যে আগতীয়া জামিনৰ বাবেও আবেদন কৰাৰ চেষ্টা কৰি আছে। এইখিনিতে বহুতৰে মনত প্ৰশ্ন জাগিছে অন লাইন ট্ৰেডিঙৰ জড়িয়তে বহু বিনিয়োগকাৰীক প্ৰতাৰণা কৰাসকল অৱশেষত সাৰি যাব নেকি? প্ৰথমে গ্ৰেপ্তাৰ আৰু তাৰ পিছত তিনিমাহ মান কাৰাগাৰত থকা সেইসকল অপৰাধীয়ে জামিনত মুক্ত হৈ পুনৰ মুকলি কাশৰ তললৈ ওলাই আহিব নেকি? অন লাইন ট্ৰেডিঙৰে জড়িতসকলক শাস্তি বিহিব পৰাকৈ ভাৰতীয় আইন ব্যৱস্থাত বিশেষ কোনো বিধান আছেনে?


লগতে পঢ়কঃ Bishal Phukan to be produced in court: আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বিশাল ফুকনক, খোল খাব মুখাৰ আঁৰৰ মুখ

published by: Munmi gogoi

Comments are closed.