Breaking

জুৱা বনাম সামাজিক দায়বদ্ধতা

0 18

বনশ্রী শৰ্মা

সমাজ এখনৰ প্ৰকৃত উন্নয়ন তেতিয়াহে সম্ভৱ হ’ব যেতিয়া সমাজৰ প্ৰতিজন লোকে নিজৰ দায়িত্ব বুজি নৈতিকতাক আগস্থান দিব। নৈতিকতাৰ স্খলন হ’লে আৰ্থিক অথবা অন্যান্য উন্নয়নেও কিন্তু সমাজৰ প্ৰকৃত উন্নয়ন কৰিব নোৱাৰে। শেহতীয়াকৈ অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱান এগৰাকীক নিলম্বন কৰা হৈছে কাৰণ তেওঁ সামাজিক মাধ্যমত অনলাইন জুৱাৰ প্ৰচাৰ চলাইছিল, এতিয়া কথা হ’ল যে সেইগৰাকী জোৱানে সামাজিক মাধ্যমত কিন্তু “কুঁহি” নামেৰে যথেষ্ট বিখ্যাত আৰু তেওঁ প্ৰায়েই জীৱন সম্পর্কে খুউব ভাল ভাল কথা কোৱা দেখা যায়। যিগৰাকী মহিলাই জীৱন সম্পর্কে মানুহক ইমানবোৰ প্ৰেৰণামূলক কথা কয়, লগতে তেওঁ এগৰাকী আৰক্ষী জোৱানো সেইগৰাকী জোৱানৰ সমাজখনৰ প্ৰতি একো দায়বদ্ধতা নাই নে? নাই নেকি তেওঁৰ কোনো ধৰণৰ নৈতিক দায়িত্ব? যিটো কামৰ বাবে তেওঁ ৰাইজক বাধা দিব লাগিছিল, সজাগ কৰিব লাগিছিল, সেই কামৰ বাবেই তেওঁ যদি এইদৰে ৰাইজক প্ৰৰোচিতহে কৰে তেতিয়াহ’লে তেওঁ নিজৰ বৃত্তিটোক অপমান কৰাৰ লগতে সামাজিক মাধ্যমত যিবোৰ প্ৰেৰণামূলক কথা কয় সেইবোৰ এক ভেকোভাওনা বুলিয়েই ক’ব লাগিব। আটাইতকৈ আচৰিত কথাটো এইটো যে তেওঁ নিলম্বিত হোৱাৰ পিছতো নিজৰ ভুল উপলব্ধি কৰাৰ পৰিৱৰ্তে তেওঁক ভুল বুলি কোৱাসকলক উদ্দেশ্যি সামাজিক মাধ্যমত ক্ষোভহে উজাৰিছে।
এইবাৰ আহিছো এগৰাকী শিক্ষকৰ কথালৈ, তেৱোঁ সামাজিক মাধ্যমত যথেষ্ট বিখ্যাত আৰু পেচাত এগৰাকী শিক্ষক। আমি দেখিছিলো আমাৰ ছাৰ-বাইদেউ সকলে শিক্ষকতাক কেৱল তেওঁলোকৰ পেচা হিচাপে নলৈ জীৱনৰ ব্ৰত হিচাপে লৈছিল আৰু সদায় নৈতিকতাৰ, মূল্যবোধৰ , সামাজিক দায়বদ্ধতাৰ শিক্ষা দিছিল। তেনেস্থলত এইগৰাকী শিক্ষকে কিদৰে সামাজিক মাধ্যমত অনলাইন জুৱাৰ প্ৰচাৰ চলাব পাৰে? অন্য নহ’লেও নিজৰ বৃত্তিটোলৈওনো সন্মান নাই নে? অপমান কৰা নাই নে তেওঁ শিক্ষকতাক? শিক্ষকেইটো সমাজৰ ভেটি গঢ়ে , শিক্ষকেইটো সমাজত প্ৰথমে এন্ধাৰ বিনাশী চাকি জ্বলায়… কিয় তেওঁৰ মনত এবাৰো এই কথা নাহিল যে তেওঁ এগৰাকী শিক্ষক, সমাজখনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আছে।
এওঁলোকৰ উপৰিও আৰু বহুকেইগৰাকী ইউটিউবাৰ, ব্লগাৰ, নামৰ শিল্পীয়েও অনলাইন জুৱাৰ প্ৰচাৰ চলোৱাৰ কথা সচেতন মহলৰ দৃষ্টিগোচৰ হৈছে। জুৱা কিমান ডাঙৰ ব্যাধি এই কথা সকলোৱে জানে তথাপিও এইসকল লোকে ইয়াৰ প্ৰচাৰ চলাই আছে। কোনোৱে যদি ভাল কন্টেন্ট প্ৰস্তুত কৰে তাত কাৰো একো আপত্তি নাথাকে কিন্তু এইদৰে জুৱাৰ প্ৰচাৰ চলাই সমাজখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া সকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাটো বৰ্তমান সময়ত খুবেই প্ৰয়োজন। কাৰণ এখন সমাজৰ উন্নয়নৰ বাবে আৰ্থিক উন্নয়ন, বৌদ্ধিক উন্নয়নৰ লগতে সামাজিক দায়বদ্ধতাও অত্যন্ত প্ৰয়োজন।

                                                        
Leave A Reply