Gandhi Jayanti: বিটিচি চৰকাৰৰ গান্ধী জয়ন্তী উদযাপন: শান্তি আৰু উন্নয়নৰ বাবে নতুন পদক্ষেপৰ শুভাৰম্ভ

কোকৰাঝাৰ, ২ অক্টোবৰ: আজি বিটিচি চৰকাৰৰ উদ্যোগত কোকৰাঝাৰস্থিত বিটিচি সচিবালয়ৰ সন্মুখত গান্ধী জয়ন্তী উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে – “মহাত্মা গান্ধীৰ সম্প্ৰীতি, শান্তি আৰু সহনশীলতাৰ বাৰ্তাই হিংসাৰ ইতিহাসৰ পৰা ভাতৃত্ববোধ আৰু উন্নয়নৰ দ্বাৰা পৰিচিত হোৱা বৰ্তমান বডোলেণ্ডৰ বাবে আশা আৰু প্ৰজ্ঞাৰ ৰেখা হিচাপে থিয় দিছে। দশক দশক পূৰ্বে অঞ্চলটোক কঁপাই তোলা হিংসাত্মক পৰিস্থিতি আৰু অশান্তিৰ মাজতো বডোলেণ্ডৰ জনসাধাৰণে এতিয়া শান্তি আৰু ঐক্যৰে জীৱন নিৰ্বাহ কৰি স্থায়ী বিকাশ গঢ়ি তুলিছে বুলি কয়।(Gandhi Jayanti)

অনুষ্ঠানত অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী তথা কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্মৰ লগতে বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো আৰু অন্যান্য গণ্যমান্য ব্যক্তিয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিলৈ ফুলৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জাতিটোক আগবঢ়োৱা তেওঁৰ গভীৰ অৱদানৰ কথা স্মৰণ কৰে।

মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্মই তেওঁৰ ভাষণত কয় যে গান্ধীৰ আদৰ্শই সমাজত পেলোৱা স্থায়ী প্ৰভাৱৰ ওপৰত আলোকপাত কৰি অহিংসা, মানৱতাবাদ, আৰু সামাজিক পৰিৱৰ্তন গঢ় দিয়াৰ লগতে অসম চৰকাৰৰ “স্বচ্ছতা হি সেৱা” পদক্ষেপৰ গুৰুত্ব আৰোপ কৰি বডোলেণ্ডবাসীক শান্তি আৰু উন্নয়নৰ বাবে সামূহিক প্ৰতিজ্ঞা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বিটিচিৰ প্ৰধান সচিব আকাশ দীপে উদ্বোধনী ভাষণ দি কয় যে উন্নয়নৰ বাবে শান্তি অপৰিহাৰ্য আৰু বিটিআৰ চৰকাৰে প্ৰৱৰ্তন কৰা পদক্ষেপসমূহ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ পথ প্ৰশস্ত কৰা বুলি দাবী কৰে।

গান্ধী জয়ন্তী উদযাপনৰ লগতে ড° বাচী ৰাম বড়ো ডক্টৰেল ফেলোশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই ফেলোশ্বিপৰ জৰিয়তে বড়ো সম্প্ৰদায়ৰ প্ৰথম পিএইচডি ধাৰী ড° বাচী ৰাম বড়োৰ উত্তৰাধিকাৰীক সন্মানিত জনোৱা হয়, যিয়ে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। ফেলোশ্বিপটোৱে প্ৰতিষ্ঠিত ভাৰতীয় বিশ্ববিদ্যালয়সমূহত ডক্টৰেট অধ্যয়ন কৰি থকা বিটিআৰৰ ৫০ জন মেধাৱী শিক্ষাৰ্থীক বিত্তীয় সাহায্য আগবঢ়াব। প্ৰতিজন শিক্ষাৰ্থীক প্ৰতি ছয় মাহত ৯০,০০০ টকাকৈ বছৰত মুঠ ১,৮০,০০০ টকা কৰি দুবছৰ বাবে দিয়া হ’ব।

ইয়াৰ উপৰিও অনুষ্ঠানত মিছন বৈসুমথীৰ অধীনত ভূমি সম্পৰ্কীয় অভিযোগসমূহ দ্ৰুতগতিত সমাধান নিশ্চিত কৰিবলৈ ‘অভিযোগৰ বাকচ’ বিতৰণ কৰা হয়।শাসন ব্যৱস্থাত স্বচ্ছতা আৰু দক্ষতা বৃদ্ধি কৰিবলৈ চক্ৰ বিষয়াসকলক এই বাকচসমূহৰ দায়িত্ব অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে বিটিচি হৈছে ভূমি ডিজিটেলাইজ কৰা ভাৰতৰ প্ৰথমখন ষষ্ঠ অনুসূচী।

এই পৱিত্ৰক্ষণত বিটিচি সচিবালয়ত গ্ৰীণ বডোলেণ্ড মিছনৰ অধীনত প্ৰতিজ্ঞা গ্ৰহণ অনুষ্ঠানৰো আয়োজন কৰা হয়। পৰিৱেশৰ প্ৰতি থকা বিটিচিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, নাগৰিক, আৰু বিষয়াসকলে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত বিধায়ক লৰেন্স ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্যক্ৰমে গৌতম দাস, দাওবৈছা বড়ো, ৰঞ্জিত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী, পাৰিষদ মাধব চন্দ্ৰ চেত্ৰী, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বি এল আহুজা, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম, সম্পাদক, অ’এছডি কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু অন্যান্য জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

Related Articles