গণেশ পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত। পুৰাণৰ বিৱৰণ অনুসৰি শিৱ আৰু পাৰ্বতীৰ জেষ্ঠ্য পুত্ৰ গণেশ আৰু কনিষ্ঠ পুত্ৰ কাৰ্তিক।(Ganesh Chaturthi 2024)
গণেশ চতুৰ্থীক বিনায়ক চতুৰ্থী বুলিও কোৱা হয়। ভাদ মাহত অনুষ্ঠিত হয় আৰু আগষ্ট মাহৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত হয়। গণেশক পৃথিৱীৰ সকলো জীৱ, শিক্ষা, সফলতা, প্ৰজ্ঞাৰ প্ৰভু বুলি গণ্য কৰা হয় আৰু সেইবাবেই প্ৰতি বছৰে গণেশ চতুৰ্থী অতি উদ্যমেৰে পালন কৰা হয়। হিন্দু চন্দ্ৰ পঞ্জিকাত ইয়াক শুক্ল পক্ষৰ পৰা আৰম্ভ হৈ অনন্ত চতুৰ্দশীত শেষ হোৱা ১০ দিনীয়া উৎসৱ বুলি বৰ্ণনা কৰা হৈছে। গণেশক প্ৰাৰ্থনা কৰা ভক্তসকলৰ নিজৰ সকলো ইচ্ছা পূৰণ হয় বুলি সদায় বিশ্বাস কৰা হয়। গণেশক প্ৰাৰ্থনা কৰা ভক্তসকলে নিজৰ পাপৰ পৰা মুক্ত হৈ জ্ঞান আৰু প্ৰজ্ঞাৰ পথত নিজৰ জীৱন যাপন কৰিব পাৰে।
পৌৰাণিক কথা অনুসাৰে-এবাৰ ভগৱান শ্ৰী কৃষ্ণই চতুৰ্থীৰ চন্দ্ৰমা দৰ্শন কৰিছিল।তেতিয়া-ভগৱান শ্ৰী কৃষ্ণৰ ওফৰত শ্যামন্তক মণি চুৰি কৰাৰ কলংক লাগিছিল।তেতিয়া-এই মিছা অপবাদৰ পৰা মুক্তি পাবলৈ-ভগৱান শ্ৰী কৃষ্ণই শ্যামন্তক মণি বিচাৰি ফুৰিছিল।শ্যামন্তক মণি জামবন্তৰ ওচৰত আছিল।জামবন্তই শ্যামন্তক মণি এটা বাঘক বধ কৰি প্ৰাপ্ত কৰিছিল।সূৰ্য্যদেৱে শ্যামন্তক মণি সত্যভামাৰ পিতৃক দিছিল।যাক পৰিধান কৰি তেওঁ বনলৈ গৈছিল।
বনত তেওঁক বাঘে হত্যা কৰি শ্যামন্তক মণি নিজৰ লগত ৰাখিছিল।সেই বাঘৰ পৰা শ্যামন্তক মণি জামবন্তই পাইছিল। শ্যামন্তক মণি বিচাৰি ভগৱান শ্ৰী কৃষ্ণ জামবন্তৰ গুহাত উপস্থিত হৈছিল।আৰু গুহাত ভগৱান শ্ৰী কৃষ্ণ আৰু জামবন্তৰ ২৭দিনলৈ তয়াময়া যুদ্ধ হ’ল।আৰু এই যুদ্ধত জামবন্ত পৰাজিত হ’ল। তেতিয়া জামবন্তক ভগৱান শ্ৰী কৃষ্ণই নিজৰ বিষ্ণু স্বৰূপৰ দৰ্শন কৰালে।জামবন্তই ভগৱান শ্ৰী কৃষ্ণৰ লগত নিজৰ পুত্ৰী জামবন্তীক বিবাহ দিলে।তাৰপাছত শ্যামন্তক মণি আৰু পুত্ৰীৰ লগত ভগৱান শ্ৰী কৃষ্ণক বিদায় দিলে।এনেদৰে ভগৱান শ্ৰী কৃষ্ণৰ ওপৰত লগা শ্যামন্তক মণি চুৰি কৰা মিছা অপবাদ দূৰ হ’ল।
পুৰাণ কাব্যটো গণেশৰ উপস্থিতি লক্ষণীয়। তেওঁক অন্যতম শ্ৰেষ্ঠ ভাৰতীয় মহাকাব্য মহাভাৰত-ৰ লিপিকাৰ ৰূপে কল্পিত হয়। ভাৰতৰ সকলোতে তেখেতৰ পূজা প্ৰচলিত। তাৰপাছত মহাৰাষ্ট্ৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত গণেশ পূজা জাতীয় উৎসৱ ৰূপে উদযাপিত হয়। পশ্চিমবংগ, অসম আৰু বাংলাদেশ আদি ঠাইত অসমীয়া তথা বাংলাৰ নৱবৰ্ষৰ দিনটোত গণেশ পূজা প্ৰচলিত। ইয়াৰ বাদেও দুৰ্গোৎসৱত সপৰিয়ালে দেৱী দুৰ্গাৰ লগত গণেশৰো পূজা অৰ্চনা কৰা হয়। গণেশৰ গায়ত্ৰী মন্ত্ৰটো হ’ল – মহৎকায়া বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্নো দন্তী প্ৰচোদয়াৎ।
published by: Jebin Sultana