Breaking

Ganesh Chaturthi: গণেশগুৰিৰ গণেশ মন্দিৰত ৪৯ তম গণেশ জন্মোৎসৱৰ আয়োজন…

31

গণেশগুৰিস্থিত গণেশ মন্দিৰত চলিত বৰ্ষত উলহ-মালহৰে ৪৯ তম গণেশ জন্মোৎসৱ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ’ব। শ্ৰীশ্ৰী গণেশ জন্মোৎসৱ সমিতি দিছপুৰৰ দ্বাৰা আয়োজিত হ’বলগীয়া জন্মোৎসৱ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। অহা ৭ ছেপ্টেম্বৰত আয়োজিত হ’বলগীয়া গণেশ চতুৰ্থী জন্মোৎসৱৰ সন্দৰ্ভত সমিতিৰ সভাপতি অশোক গোৱেলে কয় যে গণেশগুৰিস্থিত গণেশ মন্দিৰৰ চৌহদত পুৱা ১০.১৫ বজাৰ পৰা পূজা আৰম্ভ হ’ব।

Ganesh Janmaotsav organized at Ganesh mandir

আনহাতে, আৰতি দিনৰ ১২.১৫ বজাৰ পৰা আৰম্ভ হ’ব। লগতে নগৰ পৰিক্ৰমা শোভাযাত্ৰা বিয়লি ৩ বজাত উলিওৱা হ’ব। এই শোভাযাত্ৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই শোভাযাত্ৰাত থাকিব গজৰাজ, ১৫১ খন ধ্বজা লগতে বেণ্ড পাৰ্টি। নিশা ৮ বজাত থাকিব নাম কিৰ্তন। যাৰ মুখ্য আকৰ্ষণ হ’ব নগৰা নাম পৰিৱেশক কৰিস্মা নাথ। সমিতিৰ সম্পাদক অনুপম আগৰৱালা, কোষাধক্ষ্য অজয় সিংহলে সমিতিৰ তৰফৰ পৰা ভক্ত প্ৰাণ ৰাইজক জন্মোৎসৱত উপস্থিত হৈ সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়। লগতে ভক্ত প্ৰাণ ৰাইজক জন্মোৎসৱৰ দিনা গণেশ মন্দিৰত বন্তি জ্বলাবলৈ আহ্বান জনায়।

লগতে পঢ়কঃ অন্ধ্ৰপ্ৰদেশ, তেলেংগানাত বানৰ সংহাৰী ৰূপ! বহু লোকৰ মৃত্যু, ১৪০খন ৰে’ল বাতিল

published by: munmi gogoi

Comments are closed.