Breaking

পুনৰ দেশৰ ৰাজধানী চহৰত দলবদ্ধ ধৰ্ষণ! বন্ধ দোকানত উদ্ধাৰ মৃতদেহ

0 2,035

দিল্লীৰ নাৰেলা অঞ্চলত এগৰাকী ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিশোৰী গৰাকী মৃতদেহটো শনিবাৰে এটা বন্ধ দোকানত উদ্ধাৰ হয়। দুজন লোকৰ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল ১৪বছৰীয়া কিশোৰী গৰাকী।অভিযুক্ত দুজনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে।উত্তৰ দিল্লী নাৰেলা অঞ্চলত এই ঘটনা সংঘটিত হৈছে । কিশোৰী গৰাকী মৃতদেহ টো শনিবাৰে নাৰেলা ঔদ্যোগিক এলেকাৰ এখন বন্ধ দোকানত উদ্ধাৰ হৈছিল।
‘টাইমছ অৱ ইণ্ডিয়া’ৰ এক প্ৰতিবেদনত আৰক্ষী উপায়ুক্ত ব্ৰজেন্দ্ৰ কুমাৰ যাদৱক উদ্ধৃত কৰি কোৱা হৈছে যে ১০৭ জন লোকক জেৰা কৰি সাতটা দল গঠন কৰাৰ পিছত আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
১২ ফেব্ৰুৱাৰীত, ১৪ বছৰীয়া কিশোৰীগৰাকী নিৰুদ্দেশ হৈ আছিল। কিশোৰী গৰাকী মাক দেউতাক আৰু ভাতৃয়ে এক অনুসন্ধান আৰম্ভ কৰিছিল। কিন্তু তিনিদিন ধৰি কোশোৰী গৰাকীক বিচাৰি উলিয়াব নোৱাৰাৰ পিছত, তেওঁলোকে আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল।

আৰক্ষীয়ে তালাচী চলাই আৰু তাৰ পিছত এটা অপহৰণৰ গোচৰ ৰুজু কৰিছিল।শনিবাৰে, আৰক্ষীয়ে নাৰেলা ঔদ্যোগিক এলেকাৰ চানোথ গাঁৱৰ এজন দোকানীৰ পৰা ফোন পাইছিল। তেওঁ আৰক্ষীক জনাইছিল যে তেওঁ কেইদিনমান দোকান বন্ধ ৰাখিছিল পিছত ঝান্সিৰ পৰা উভতি আহি যেতিয়া তেওঁ দোকান খোলে তেতিয়া তেওঁৰ দোকানৰ পৰা দুৰ্গন্ধ ওলাই।আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু দোকানখনত বগা মোনাত গৰুৰ গোবৰৰ পিঠাৰ স্তূপৰ তলত সন্ধানহীন ছোৱালীজনীৰ এটা আংশিক পচা মৃতদেহ পাইছিল।তেওঁ আৰক্ষীক জনাই যে তেওঁৰ দুজন কৰ্মচাৰী সন্ধানহীন হৈ আছে। আৰক্ষীয়ে দুয়োজন কৰ্মচাৰীৰ ঘৰত অভিযান চলাইছিল কিন্তু তেওঁলোকক বিচাৰি পোৱা নাছিল। পিছত কৰ্মচাৰী দুজনৰ ওপৰ সন্দেহ কৰে আৰক্ষীয়ে, এজন অভিযুক্তক সোমবাৰে চানোথত আটক কৰা হৈছিল আৰু আনজন বৰ্তমান পলায়ন।দোকান কৰ্মচাৰী দুজন অৰ্থাৎ অভিযুক্ত বুলি সন্দেহ কৰা হৈছে এই দুয়োজন ব্যক্তি উত্তৰ প্ৰদেশৰ হাৰদোইৰ বাসিন্দা আৰু দিল্লীত দুয়োজনে একেলগে বাস কৰে।

Leave A Reply

Your email address will not be published.