Breaking

পঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাৰ মূল ষড়যন্ত্ৰকাৰী গেংষ্টাৰ গোল্ডি ব্ৰাৰক আটক…

0 58

পঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাৰ মূল ষড়যন্ত্ৰকাৰী গেংষ্টাৰ গোল্ডি ব্ৰাৰক আটক কৰা হৈছে। ভাৰতীয় চোৰাংচোৱা সূত্ৰৰ মতে, গোল্ডিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত আটক কৰা হৈছে। অৱশ্যে, এই সন্দৰ্ভত এতিয়ালৈকে কেলিফৰ্ণিয়া চৰকাৰৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই।
সূত্ৰ সমূহৰ মতে, ভাৰতীয় চোৰাংচোৱা সংস্থা, দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু পঞ্জাৱ আৰক্ষীলৈ গোল্ডিৰ আটক সম্পৰ্কে তথ্য প্ৰেৰণ কৰা হৈছে। আন্তৰ্জাতিক সূত্ৰই গোল্ডিৰ গ্ৰেপ্তাৰৰ বিষয়ে ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহক অৱগত কৰিছে। গোল্ডিক সোনকালেই ভাৰতলৈ অনাৰ আশা কৰা হৈছে।

গোল্ডিয়ে মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল। তেতিয়াৰ পৰা পঞ্জাৱ আৰক্ষী আৰু ভাৰতীয় চোৰাংচোৱা সংস্থাই তেওঁক গ্ৰেপ্তাৰৰ চেষ্টা চলাই আহিছে।চলিত বৰ্ষৰ ২৯ মে’ত সিদ্ধুক পঞ্জাৱৰ মানচা জিলাৰ তেওঁৰ গাওঁ মুছাত অচিনাক্ত আক্ৰমণকাৰীৰ এটা দলে গুলীয়াই হত্যা কৰিছিল। তেওঁলোকৰ মাজৰ এজন আছিল লৰেন্স বিষ্ণোই গোটৰ সদস্য অংকিত সিৰসা। গুলীচালনাৰ সময়ত সিদ্ধুৰ সৈতে তেওঁৰ এজন সম্পৰ্কীয় ভাতৃ আৰু বন্ধু গাড়ীত আছিল। দুয়োজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

সিদ্ধুৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি তেওঁৰ শৰীৰত মুঠ ১৯ টা গুলী লাগিছিল। গুলীবিদ্ধ হোৱাৰ ১৫ মিনিটৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। হত্যাৰ ঠিক এদিন পূৰ্বে পঞ্জাৱৰ আপ চৰকাৰৰ বিৰুদ্ধে সিদ্ধুৰ নিৰাপত্তা কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

Leave A Reply

Your email address will not be published.