Breaking

হোজাইৰ বৰপুখুৰীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

0 133

হোজাইৰ বৰপুখুৰীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে হোজাই আৰক্ষীয়ে৷

হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৰপুখুৰীৰ এখন শাক-পাচলিৰ দোকানৰ পৰা জব্দ কৰে গাঞ্জাখিনি৷

জব্দ কৰা গাঞ্জাখিনিৰ ওজন ২ কেজি ৬০০ গ্ৰাম৷

ঘটনা সংক্ৰান্তত হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিথুন দেৱনাথ আৰু গোপাল দেৱনাথ নামৰ দুজন লোক৷

আটক লোক দুয়োজন পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে৷

দীৰ্ঘদিনৰ পৰা দুয়ো পিতা-পুত্ৰই অঞ্চলটোত গাঞ্জা বিক্ৰী কৰাৰ অভিযোগ উঠিছে৷

হোজাই আৰক্ষীয়ে দুয়োকে থানাত জেৰা চলাই আছে৷

Leave A Reply

Your email address will not be published.