যি সময়ত উন্নয়নৰ নামত গছ কটাৰ প্ৰকোপ বৃদ্ধি পাই আহিছে সেই সময়ত এটিয়া এক ব্যতিক্ৰম ব্যৱস্থা গ্ৰহণ কৰিছে গড়গাঁও মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্চাসেৱক সকলে৷
কাৰগিল দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰে মেৰি মাটি মেৰি দেশ শীৰ্ষক এটি বৃক্ষ ৰোপণ অনুষ্ঠানৰ।
প্ৰায় ২০০ ৰো অধিক বৃক্ষ ৰোপণেৰে হাজাৰ জনৰ আদৰ্শ হৈ পৰিছে গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্চাসেৱক সকল।
অবাধ প্ৰকৃতি ধ্বংসৰ এই সময়চোৱাতে নতুনকৈ নিৰ্মাণ কৰা পথ সমূহৰ কাষত তথা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ অব্যৱহৃত মাটি সমূহত বকুল, কৃষ্ণচূড়া , শিলিখা, লেতেকু, মধুৰী , আম, কঠাল ইত্যাদি পুলি সমূহ ৰোপণ কৰি প্ৰকৃতি সেউজকৰণ তথা গোলকীয় উত্তাপ নিয়ন্ত্ৰণৰ বাবে এক প্ৰকাৰে বলিষ্ঠ পদক্ষেপ পদক্ষেপ গ্ৰহণ কৰিছে গড়গাঁও মহাবিদ্যালয়ৰ NSS গোটে।
বৃক্ষ ৰোপণৰ উক্ত অনুষ্ঠানটিত উপস্থিত থাকে গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ PROGRAM OFFICER ড়° ৰিমঝিম বড়া, গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° বিদ্যানন্দ বৰকাকতী, শিমলুগুৰি পঞ্চায়তৰ সভাপতি পমিলা বড়াকে আদি কৰি শিমলুগুৰি পঞ্চায়তৰ কেইবাজনো বিষয়ববীয়া আৰু গড়গাঁও মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰায় ২০ জনতকৈ অধিক স্বেচ্চা সেৱক স্বেচ্চাসেৱীকা।
-দিলীপ হাজৰিকা, নাজিৰা