Breaking

গড়মূৰত বিজেপি মিত্ৰদলৰ সাংগঠনিক সভা

0 1,069

মাজুলী বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি মিত্ৰদল অগপ আৰু গণশক্তিৰ কৰ্মী সকলক লৈ এখন সাংগঠনিক সভা গড়মূৰত অনুষ্ঠিত কৰা হয়। পুৱা ১০ বজাৰ পৰা হোৱা সভাত অসম গণ পৰিষদ, সন্মিলিত গণশক্তিৰ বিষয়ববীয়া, জিলা মহিলা মৰ্চাৰ কৰ্মীসকল উপস্থিত থাকে৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ ঘৰৰ সন্মুখৰ মিত্ৰদলৰ নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত সাংগঠনিক সভাত সাংসদ প্ৰদান বৰুৱা, জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুম, অগপ জিলা সমিতিৰ সভাপতি, সম্পাদকদ্বয় ক্ৰমে ফনীধৰ টাহু, জিতু ভূঞা আৰু ব্ৰজেন গাম, গণশক্তি দলৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ দলে, মাজুলী সমষ্টিৰ বিজেপি দলৰ সহ প্ৰভাৰী বসন্ত শইকীয়া উপস্থিত থাকে৷

সভাত সাংসদ প্ৰদান বৰুৱাই আগন্তুক নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনটোত যাতে এশ শতাংশ ভোটদান হয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ দলীয় কৰ্মীসকলক আহবান জনোৱাৰ লগতে বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী ভুৱন গামে যাতে পূৰ্বতকৈ অধিক ভোট লাভ কৰি নিৰ্বাচিত হয় তাৰ প্ৰতি মনোনিবেশ কৰিবলৈ সকলোকে আহবান জনায় ৷ সভাত সাংসদ প্ৰদান বৰুৱা, অগপ জিলা সভাপতি ফনীধৰ টাহু, বিজেপি জিলা সভাপতি লোকনাথ কুটুম, গণশক্তি দলৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ দলে আৰু মাজুলী সমষ্টিৰ বিজেপি দলৰ সহ প্ৰভাৰী বসন্ত শইকীয়াই নিৰ্বাচনৰ বাবে জিলা নেতৃত্বই ল’বলগীয়া ৰণকৌশল সম্পৰ্কে অবগত কৰে। সভাত প্ৰাৰ্থী ভুৱন গামে উপস্থিত কাৰ্যকৰ্তা সকলক উদ্দেশ্যি ভাষণ আগবঢ়াই সকলোৰে সহযোগিতাত বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে অভিলেখ সংখ্যক ভোটত জয়ী হ’ব বুলি আশা ব্যক্ত কৰে ৷

Leave A Reply

Your email address will not be published.