Breaking

Gauhati HC on Dhing rape case: ধিং কাণ্ডৰ অভিযুক্ত তফাজ্জুলৰ মৃত্যুক লৈ ন্যায়ালয়ৰ কঠোৰ স্থিতি; চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ

27

ধিঙৰ ধৰ্ষণকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈ মৃত্যু বৰণ কৰা তফাজ্জুলক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়(Gauhati HC on Dhing rape case) ৷ মৃত তফাজ্জুলৰ মৰণোত্তৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি গ্ৰেপ্তাৰ সন্দৰ্ভত সকলো নথি-পত্ৰ ন্যায়ালয়ত দাখিল কৰাৰ নিৰ্দেশ ।

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ(Dhing rape case) অভিযোগত গ্ৰেপ্তাৰ হোৱা তফাজ্জুল হুছেইনৰ মৃত্যুক লৈ সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰা হয় (Gauhati HC on Dhing rape case)৷ মৃত তফাজ্জুল হুছেইন আৰু ধৰ্ষণৰ মূল অভিযুক্ত তফাজ্জুল হুছেইন- এই দুজন ভিন্ন ব্যক্তি বুলি মৃত তফাজ্জুলৰ পৰিয়ালে আদালত অভিযোগ দাখিল কৰাৰ সন্দৰ্ভত মহামান্য ন্যায়ালয়ে অসম চৰকাৰ আৰু অসম আৰক্ষীৰ পৰা ইয়াৰ স্পষ্টতা বিচাৰি এক নিৰ্দেশনা জাৰি কৰিছে । লগতে মৃত তফাজ্জুল হুছেইনৰ মৰণোত্তৰ পৰীক্ষাকে আদি কৰি গ্ৰেপ্তাৰৰ সন্দৰ্ভত সকলো নথি-পত্ৰ আদালতত দাখিল কৰাৰ বাবে সোমবাৰে অসম চৰকাৰৰ গৃহ বিভাগক নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, ধিঙৰ ধৰ্ষণকাণ্ডৰ অভিযোগত তফাজ্জুল হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছিল । আৰক্ষীৰ মতে, আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি পুখুৰীত জাপ দিয়াৰ ফলত তফাজ্জুলৰ মৃত্যু হৈছিল ৷ এই ঘটনাক মানি লব নোৱাৰি মৃতকৰ পৰিয়ালৰ লোকে আৰক্ষীৰ জিম্মাতহে তফাজ্জুলৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰিছিল এটা গোচৰ ৷গোচৰটোত পৰিয়ালৰ লোকে অভিযোগ কৰা‌ মতে, মৃত তফাজ্জুলৰ শৰীৰত আছিল আঘাতৰ চিন ৷ চিন আছিল হাত বন্ধাৰো ।

পৰিয়ালৰ লোকে ন্যায়ালয়ত দাখিল কৰা গোচৰটোত উল্লেখ কৰা‌ মতে, তফাজ্জুলৰ মৃতদেহৰ‌ কোনো মৰণোত্তৰ‌ পৰীক্ষাৰ প্ৰতিবেদন পৰিয়ালৰ হাতত দিয়া নাই । লগতে মৃত তফাজ্জুল আৰু ধৰ্ষণত অভিযুক্ত তফাজ্জুল দুজন ভিন্ন ব্যক্তি বুলি মৃতকৰ পৰিয়ালে অভিযোগ দিছে ৷ এই সন্দৰ্ভত সোমবাৰে ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে ৷

গোচৰটোৰ শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদে কয়, ‘‘ মৃত তফাজ্জুলৰ 74 বছৰীয়া পিতৃ আব্দুল আৱালে তেওঁৰ পুত্ৰৰ মৃত্যুৰ বাবে জিম্মাগত ক্ষতিপূৰণ আৰু ন্যায়িক তদন্তৰ বাবে আদালতত এখন আবেদন দাখিল কৰিছিল ।এই আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু ন্যায়ধীশ সৌমিত্ৰা শইকীয়াৰ দুজনীয়া খণ্ড বিচাৰপীঠে ধিং ঘটনাৰ সৈতে সম্পৰ্কিত তফাজ্জুল হুছেইনৰ ধিং আৰক্ষীৰ জিম্মাত মৃত্যুৰ সন্দৰ্ভত ডব্লিউ পি চি নং 4662/2024 ৰ অধীনত অসম চৰকাৰক এক জাননী জাৰি কৰিছে ৷লগতে এই সন্দৰ্ভত সকলো তথ্য শপতনামা আকাৰে অহা 4 নৱেম্বৰত আদালতত জমা দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে ।’’

Comments are closed.