Gauhati University Inter-College Youth Festival:দুধনৈ মহাবিদ্যালয়ত উখল-মাখল পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ সামৰণি

দৈনন্দিন বাৰ্তাৰ সেৱা, দুধনৈ, ৮ অক্টোবৰ : (Gauhati University Inter-College Youth Festival) দুধনৈ মহাবিদ্যালয়ত এক উখল-মাখল পৰিৱেশত সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয় (পশ্চিম মণ্ডল)আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ-২০২৩-২৪ । অসমৰ বৌদ্ধিক আৰু শৈক্ষিক জগতৰ ঐতিহ্যবাহী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সহযোগত আৰু দুধনৈ মহাবিদ্যালয়ৰ উদ্যোগত ২০২৩-২৪ ইং বর্ষৰ গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ খনি যোৱা ৫ অক্টোবৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । যুৱ মহোৎসৱ খনিত গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ মুঠ১৫ খন মহাবিদ্যালয়ে অংশ গ্ৰহণ কৰে ।আজি সংগীত প্ৰতিযোগিতাৰ অন্তিম কাৰ্যসূচী লোকবাদ্য প্ৰতিযোগিতাই সকলোকে মোহিত কৰে ।

তিনি দিনীয়া কৈ অনুষ্ঠিত যুৱ মহোৎসৱৰ বিভিন্ন শিতানত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফলাফল অনুসৰি আলোচনী প্ৰতিযোগিতাত শ্ৰেষ্ঠ আলোচনীৰ পুৰস্কাৰ লাভ কৰে টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ “বৰটিলা”,দ্বিতীয় শ্ৰেষ্ঠ আলোচনীৰ সন্মান লাভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ “প্ৰয়াস” । তৰ্ক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ উদীপ্ত মেধি, দীপজ্যোতি ডেকা, দ্বিতীয় স্থান বঙাইগাওঁ মহাবিদ্যালয়ৰ তন্ময় ৰয়,কনিকা দেৱী আৰু তৃতীয় স্থান লাভ কৰে গোৱালপাৰা মহাবিদ্যালয়ৰ হিমাক্ষী ৰয় দাস, জিতুমণি কলিতা । বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ,দ্বিতীয় স্থান বিজনী মহাবিদ্যালয়ৰ বুলবুলি দাস, তৃতীয় স্থান লাভ কৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ আশ্ৰাফুল আলম ।

স্বৰচিত কবিতা আবৃত্তিত প্ৰথম ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ নীহাৰিকা কাশ্যপ,দ্বিতীয় গোৱালপাৰা মহাবিদ্যালয়ৰ চুমিত কলিতা, তৃতীয় স্থান লাভ কৰে বিকালী মহাবিদ্যালয়ৰ চন্দ্ৰিমা ৰাভা ।কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ বিকালী মহাবিদ্যালয়,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে দুধনৈ মহাবিদ্যালয় আৰু বি,এন মহাবিদ্যালয়। স্পট ফটোগ্ৰাফিত দুধনৈ মহাবিদ্যালয়ৰ অৰূপজ্যোতি শীল, দ্বিতীয় আমজোঙাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ জয়প্ৰকাশ নাথ আৰু তৃতীয় স্থান লাভ কৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ নিতম হালদাৰ । পোষ্টাৰ বনোৱা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বঙাইগাওঁ মহাবিদ্যালয়ৰ সুহজ দাস, দ্বিতীয় স্থান লাভ কৰে চাপতগ্ৰাম মহাবিদ্যালয়ৰ জয়িতা দাস আৰু তৃতীয় স্থান লাভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ যতীন চন্দ্ৰ ৰায় ।

কলাজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চাপতগ্ৰাম মহাবিদ্যালয়ৰ জয়িতা দাস, দ্বিতীয় বীৰঝৰা কণ্যা মহাবিদ্যালয়ৰ শিখাৰাণী পাঠক আৰু তৃতীয় স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়ৰ বৰষা ব্ৰহ্ম । ক্লে মডেলিং প্ৰতিযোগিতাত প্ৰথম লক্ষীপুৰ মহাবিদ্যালয়ৰ প্ৰণৱ বড়ো, দ্বিতীয় চাপতগ্ৰাম মহাবিদ্যালয়ৰ জয়িতা দাস আৰু তৃতীয় স্থান লাভ কৰে বঙাইগাওঁ মহাবিদ্যালয়ৰ সুহজ দাস । কাৰ্টুন প্ৰতিযোগিতাত প্ৰথম চাপতগ্ৰাম মহাবিদ্যালয়ৰ জয়িতা দাস, দ্বিতীয় বিকালী মহাবিদ্যালয়ৰ ভৃগু ৰাভা আৰু তৃতীয় স্থান লাভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ যতীন চন্দ্ৰ ৰায় ।বৰগীত প্ৰতিযোগিতাত প্ৰথম গোৱালপাৰা মহাবিদ্যালয়ৰ নিষ্ঠা কলিতা, দ্বিতীয় দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ আৰু তৃতীয় স্থান লাভ কৰে বিকালী মহাবিদ্যালয়ৰ বিউটি বড়ো ।লোক গীত প্ৰতিযোগিতাত প্ৰথম বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ,দ্বিতীয় বঙাইগাওঁ মহাবিদ্যালয়ৰ মিতালি ডেকা আৰু তৃতীয় স্থান লাভ কৰে গোৱালপাৰা মহাবিদ্যালয়ৰ নিষ্ঠা কলিতা ।

সমবেত সংগীত প্ৰতিযোগিতাত প্ৰথম গোৱালপাৰা মহাবিদ্যালয়,দ্বিতীয় অভয়াপুৰী মহাবিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়।ৰবীন্দ্ৰ সংগীতত প্ৰথম বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ দ্বিতীয় বঙাইগাওঁ মহাবিদ্যালয়ৰ সমীক্ষা শৰ্মা আৰু তৃতীয় স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ ।পৰম্পৰাগত জনজাতি গীতত প্ৰথম গোৱালপাৰা মহাবিদ্যালয়ৰ অদিতি ৰাভা, দ্বিতীয় দুধনৈ মহাবিদ্যালয়ৰ নৱনীতা ৰাভা আৰু তৃতীয় স্থান লাভ কৰে টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ দীপশিখা ৰয় ।আধুনিক গীতত প্ৰথম অভয়াপুৰী মহাবিদ্যালয়ৰ নিকুমণি ৰাজবংশী, দ্বিতীয় বীৰঝৰা কণ্যা মহাবিদ্যালয়ৰ তৰালী ৰয় ।

স্বৰ বাদ্যত প্ৰথম দুধনৈ মহাবিদ্যালয়ৰ নিপন হাজোৱাৰী আৰু দ্বিতীয় স্থান লাভ কৰে প্ৰমথেশ মহাবিদ্যালয়ৰ অভিজিৎ কৰ্মকাৰ ।তাল বাদ্যত প্ৰথম প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ তৌফিক ইছলাম আৰু দ্বিতীয় স্থান লাভ কৰে টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অভিজিৎ কলিতা ।বনগীতত প্ৰথম বঙাইগাওঁ মহাবিদ্যালয়ৰ মিতালি ডেকা, দ্বিতীয় অভয়াপুৰী মহাবিদ্যালয়ৰ নিকুমণি ৰাজবংশী আৰু তৃতীয় স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়ৰ বাপ্পী দে । লঘু কণ্ঠ সংগীতত প্ৰথম দুধনৈ মহাবিদ্যালয়ৰ খঞ্জন নাথ,দ্বিতীয় বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু তৃতীয় স্থান লাভ কৰে বঙাইগাওঁ মহাবিদ্যালয়ৰ সুভাষ দাস ।জ্যোতি সংগীতত প্ৰথম দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ, দ্বিতীয় বি এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু তৃতীয় স্থান লাভ কৰে বীৰঝৰা কণ্যা মহাবিদ্যালয়ৰ হেনাশ্ৰী বৰুৱা ।বিষ্ণু সংগীতত প্ৰথম অভয়াপুৰী মহাবিদ্যালয়ৰ নিকুমণি ৰাজবংশী, দ্বিতীয় পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ৰ চিন্ময়ী দেৱী আৰু তৃতীয় স্থান লাভ কৰে টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ দীপজ্যোতি সৰকাৰ ।

পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতত প্ৰথম বঙাইগাওঁ মহাবিদ্যালয়ৰ সমীক্ষা শৰ্মা, দ্বিতীয় বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু তৃতীয় স্থান লাভ কৰে দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ ।ভূপেন হাজৰিকাৰ গীতত প্ৰথম দুধনৈ মহাবিদ্যালয়ৰ চোনিয়া নাথ, দ্বিতীয় অভয়াপুৰী মহাবিদ্যালয়ৰ নিকুমণি ৰাজবংশী আৰু তৃতীয় স্থান লাভ কৰে গোৱালপাৰা মহাবিদ্যালয়ৰ অদিতি ৰাভা ।জয়ন্ত হাজৰিকাৰ গীতত প্ৰথম দুধনৈ মহাবিদ্যালয়ৰ খঞ্জন নাথ দ্বিতীয় বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু তৃতীয় স্থান লাভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ নিকুমণি ৰাজবংশী ।

ভাৰতীয় শাস্ত্ৰীয় সংগীতত প্ৰথম বিবেচিত নহ’ল দ্বিতীয় বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু তৃতীয় স্থান লাভ কৰে বঙাইগাওঁ মহাবিদ্যালয়ৰ সমীক্ষা শৰ্মা ।পাশ্চাত্য সংগীতত প্ৰথম টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ বিবান মাহমুদ, দ্বিতীয় অভয়াপুৰী মহাবিদ্যালয়ৰ বিশাল ৰয় আৰু তৃতীয় স্থান লাভ কৰে বি,এন মহাবিদ্যালয়ৰ মনালী সৰকাৰ আৰু লোকবাদ্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গোৱালপাৰা মহাবিদ্যালয়,দ্বিতীয় বঙাইগাঁও আৰু তৃতীয় স্থান লাভ কৰে বীৰঝৰা কণ্যা মহাবিদ্যালয় । সামৰণি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ অখিল ৰঞ্জন দত্ত, ড৹জয়ন্ত কৃষ্ণ শৰ্মাৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক,অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে । উক্ত অনুষ্ঠানতে বিভিন্ন শিতানত অনুষ্ঠিত প্ৰতিযোগিতা সমূহৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয় আৰু শ্ৰেষ্ঠ মহাবিদ্যালয় হিচাপে দুধনৈ মহাবিদ্যালয়ৰ নাম ঘোষণা কৰা হয়।

Related Articles