Gaurav Gogoi: ৰঙালী বিহুৰ মাজতেই পিতৃ প্ৰয়াত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক লৈ আৱেগিক পোষ্ট গৌৰৱ গগৈৰ

ৰঙালী বিহুৰ মাজতেই পিতৃ প্ৰয়াত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক লৈ আৱেগিক পোষ্ট গৌৰৱ গগৈৰ। (Gaurav Gogoi)

ৰঙালী বিহুৰ এই সময়ত পিতৃক সোঁৱৰিলে সাংসদ গৌৰৱ গগৈয়ে।


ফেচবুকত নিজৰ মনৰ কথা শ্বেয়াৰ কৰিলে সাংসদগৰাকীয়ে।

তেওঁ ফেচবুকত লিখে, ‘যেতিয়াই ৰঙালী বিহু আহে তেতিয়াই মোৰ মনত পৰে মোৰ পিতৃ তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ প্ৰতিটো জাতীয় উৎসৱক প্ৰাণভৰি ভালপোৱা নিভাজ অসমীয়া মনতো আৰু তেওঁৰ সৰলতালৈ। একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰীৰ গধূৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে সফলতাৰে পালন কৰাৰ লগতে তেওঁ প্ৰতিবছৰে বিহুৰ প্ৰথম দিনাখনেই লতাশিল খেলপথাৰলৈ গৈ বৰ্ণিল কাৰ্যসূচীৰে তাত আয়োজন কৰা ৰঙালী বিহুৰ পুৱাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলোৰে সৈতে আপোনভোলা হৈ বিহুৰ আনন্দত বিভোৰ হৈছিল। আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিজয়া চক্ৰৱৰ্তী খুড়ীদেউ উপস্হিত থাকিলে দুয়োগৰাকীয়ে একেলগে এপাক বিহু নাচি অসমবাসী ৰাইজক বিহুৰ ওলগ আৰু শুভেচ্ছা জনাইছিল। দল-মত নিৰ্বিশেষে সকলো দল-সংগঠন,বিভিন্ন জাতি-বৰ্ণ-ধৰ্মৰ সকলোকে একত্ৰিত কৰা এইয়াই হ’ল আমাৰ মহান অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰধান বিহুৰ পৰম্পৰা তথা সংস্কৃতি ।

সকলোৰেলৈকে এনে মহান অসমীয়া সংস্কৃতিৰ প্ৰাণৰো প্ৰাণৰ,হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ। দুখ-দুৰ্গতি,অপায়-অমংগল দূৰ কৰি ৰঙালী বিহু আৰু নৱবৰ্ষই আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি। সকলোৰে জীৱন মংগলময় হওক।’

Related Articles