আমেৰিকাৰ আদালতত উদ্যোগপতি গৌতম আদানী আৰু তেওঁৰ ছজন ঘনিষ্ঠ লোকৰ বিৰুদ্ধে উৎকোচৰ গোচৰ ৰুজু কৰাৰ ঘটনাৰ সন্দৰ্ভত হোৱাইট হাউছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।(Gautam Adani) প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ কাৰ্যালয়ে এই ঘটনাই নতুন দিল্লী-ৱাশ্বিংটনৰ ঘনিষ্ঠ সম্পৰ্কত কোনো প্ৰভাৱ নপৰে বুলি আশা প্ৰকাশ কৰে।
হোৱাইট হাউছৰ মুখপাত্ৰ কেৰিন জিন-পিয়েৰে সংবাদমেলত কয় যে আমি ভাবো যে ভাৰত-আমেৰিকাৰ শক্তিশালী সম্পৰ্কই সমস্যাটো সমাধানৰ পথ প্ৰদৰ্শক হ’ব।(Gautam Adani in bribery case)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি আদানীয়ে কেইবাখনো ৰাজ্যৰ সৌৰশক্তিৰ প্ৰকল্পৰ বাবে ২৬.৫ মিলিয়ন ডলাৰ (প্ৰায় ২,২৩৭ কোটি টকা) টকাৰ ‘চৰকাৰী বিষয়া’ (নেতা-মন্ত্ৰীকে ধৰি) উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি সংশ্লিষ্ট ৰাজ্যিক শক্তি নিগমৰ বিষয়াসকলক উৎকোচ দিয়া হৈছিল। গৌতম আদানী আৰু তেওঁৰ ভতিজাক সাগৰ আদানী আৰু আন সাতজনৰ বিৰুদ্ধে আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন আৰু ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে মুঠ পাঁচটা অপৰাধমূলক আৰু দেৱানী গোচৰ ৰুজু কৰিছে। আমেৰিকাৰ একাংশ সংবাদ মাধ্যমৰ মতে ইতিমধ্যে গৌতম আৰু সাগৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে।(White House)