Gautam Adani: ভতিজাক সাগৰ আদানি আৰু গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা। আনকি আদানিৰ ভতিজাক সাগৰ আদানিৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পৰোৱানা।(Gautam Adani) ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্পৰ বাবে ভাৰতীয় বিষয়াক উৎকোচ দিয়াৰ অভিযোগ।

ভাৰতত সৌৰশক্তিৰ প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ বিষয়াক ২,২৩৭ কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে উদ্যোগপতি আদানীৰ বিৰুদ্ধে। খবৰ অনুসৰি গৌতম আৰু তেওঁৰ ভতিজা সাগৰ আদানী দুয়োৰে বিৰুদ্ধে আমেৰিকা প্ৰশাসনে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। আদানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আদানী গোটে ভাৰতৰ সৌৰ শক্তি প্ৰকল্পৰ বাবে চৰকাৰী বিষয়াক প্ৰায় ২২৩৭ কোটি উৎকোচ দিয়াৰ প্ৰস্তাৱ দিছিল, যিয়ে ২০ বছৰত ২০০ বিলিয়ন ডলাৰ উপাৰ্জন কৰিব পাৰিলেহেঁতেন।(Gautam adani in bribery case)

উৎকোচ গোচৰত গৌতমৰ ভতিজা সাগৰো জড়িত। ইয়াৰ বাহিৰেও সেই তালিকাত আৰু বহুতৰ নাম আছে। ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্পৰ বাবে ভাৰতীয় বিষয়াক বিপুল পৰিমাণৰ ধনেৰে উৎকোচ দিয়াৰ অভিযোগ গৌতমকে ধৰি ৭জন লোকে।(fraud solar power scam)

নিউয়ৰ্কৰ পূব জিলাৰ আমেৰিকাৰ এটৰ্নী কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে আদানী আদিৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ বিষয়াক ২২৩৭ কোটিতকৈ অধিক উৎকোচ দিয়াৰ প্ৰস্তাৱ দিয়াৰ লগতে বিনিয়োগকাৰী আৰু বেংকক ভুৱা তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। আন ছয় অভিযুক্তৰ ভিতৰত আছে আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ চিইঅ’ বিনীত জৈন, ৰঞ্জিত গুপ্তা, ৰূপেশ আগৰৱাল, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ নাগৰিক চাইৰিল কেবানেছ, সৌৰভ আগৰৱালা আৰু দীপক মালহোত্ৰা।

আদানি গ্ৰুপৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে এই অভিযোগ সন্দৰ্ভত কোম্পানীটোৱে শীঘ্ৰে এক বিবৃতি প্ৰকাশ কৰিব।

Related Articles