Breaking

গৌতম গম্ভীৰ সংকটত: সাংসদগৰাকীৰ ফাউণ্ডেশ্যনক দোষী সাব্যস্ত, তদন্তৰ নিৰ্দেশ

0 535

সংকটত গৌতম গম্ভীৰ! সাংসদগৰাকীৰ ফাউণ্ডেশ্যনক দোষী সাব্যস্ত, তদন্তৰ নিৰ্দেশ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি দলৰ লোকসভা সাংসদ গৌতম গম্ভীৰৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

দিল্লী চৰকাৰৰ ঔষধ নিয়ন্ত্ৰকে বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ক জনাই যে ক’ভিড-১৯ ৰোগীৰ চিকিৎসাত উপযোগী ঔষধ ফেবিফ্লু অকৰ্তৃত্বশীলভাৱে মজুত, ক্ৰয় আৰু বিতৰণৰ বাবে দোষী সাব্যস্ত কৰা হৈছে গৌতম গম্ভীৰ ফাউণ্ডেশ্যনক।

ঔষধ নিয়ন্ত্ৰকে লগতে কয় যে ফাউণ্ডেশ্যন, ড্ৰাগ ডিলাৰ আৰু এইধৰণ কাৰ্যকলাপৰ লগত জৰিত সকলৰ বিৰুদ্ধে কোনো পলম নকৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে বিধায়ক প্ৰবীণ কুমাৰকো ড্ৰাগছ আৰু প্ৰসাধন আইনৰ অধীনত একে ধৰণৰ অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হৈছে বুলি আদালতত কয়।

আদালতে ঔষধ নিয়ন্ত্ৰকক ছয় সপ্তাহৰ ভিতৰত গোচৰসমূহৰ স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিষয়টো সন্দৰ্ভত অহা ২৯ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

Leave A Reply

Your email address will not be published.