Breaking

সুদীৰ্ঘ ১০ মাহৰ পিছত লাডাখত উদ্ধাৰ হ’ল অসমৰ সেনা জোৱান  গৌতম ৰাজবংশীৰ মৃতদেহ

0 71

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ ৯ জুলাইঃ সূদীৰ্ঘ ১০ মাহৰ মূৰত উদ্ধাৰ হৈছে ভাৰতীয়া সৈন্য বাহিনীৰ জোৱান তথা অসম সন্তান  গৌতম ৰাজবংশীৰ মৃতদেহ ৷ ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কাৰপুনপুলিৰ নিৱাসী গৌতম ৰাজবংশীয়ে ভাৰতীয় সৈন্য বাহিনীত চাকৰি লাভ কৰি কেন্দ্ৰীয় শাসিত ৰাজ্য লাডাখত প্ৰশিক্ষণ লৈ আছিল ৷

প্ৰশিক্ষণৰ সময়তে গৌতম ৰাজবংশী লাডাখৰ উচ্চ শৃংগৰ পাহাৰত আবদ্ধ হৈ পৰিছিল ৷ ভাৰতীয় সৈন্য বাহিনীয়ে লাডাখ আৰক্ষীৰ সহযোগত নিৰুদিৰ্ষ্ট গৌতমক উদ্ধাৰৰ বাবে অবিৰাম গতিত অভিযান চলাইছিল ৷ কেইবামাহো অভিযান চলোৱাৰ পাছতো ভাৰতীয় সৈন্যবাহিনীয়ে গৌতমক উদ্ধাৰ কৰিব পৰা নাছিল ৷  ভাৰতীয় সেনাবাহিনীয়ে গৌতমৰ উদ্ধাৰৰ আশা এক প্ৰকাৰ এৰি দিছিল ৷ কিন্তু কালি সোমবাৰে ভাৰতীয় সেনাবাহিনীৰ এটা দলে নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ লাডাখৰ পাহাৰত গৌতমৰ মৃতদেহ উদ্ধাৰ কৰে ৷

গৌতম ৰাজবংশীৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই পৰিয়ালৰ মাজত শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে সমগ্ৰ গোগামুখত গভীৰ শোকৰ ছাঁ পৰিছে ৷ ধেমাজি জিলা আছুৰ উপসভাপতি ঋতুপৰ্ণ কোঁছ, গোগামুখ আঞ্চলিকৰ সভাপতি প্ৰবাল চাংমাই, সম্পাদক নবীন বৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি বলোৰাম টাইদ, সম্পাদক পাপুল দাস, সদৌ টাই আহোম ছাত্ৰ সন্হাৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সম্পাদক খগেন কোঁৱৰে গৌতম ৰাজবংশীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

Leave A Reply

Your email address will not be published.