Breaking

গেলেকী আৰক্ষীয়ে জব্দ কৰিলে ৬০টিন লালীগুড়, পলাতক বাহনৰ চালক

0 196

দৈনন্নিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ নাজিৰা  মহকুমাৰ আৱকাৰী বিভাগৰ উপ-অধীক্ষক আব্দুল লেতিফ আৰু পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত আৱকাৰীৰ দলে সীমান্তবৰ্তী গেলেকীকে ধৰি বিভিন্ন অঞ্চলত অবৈধ মদৰ বিৰুদ্ধে তথাকথিত অভিযান চলাই বাঃ বাঃ লব বিচৰাৰ সময়তে গেলেকী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি প্ৰায় ৬০ টিন লালীগুড় জব্দ কৰে।

জানিব পৰা মতে গেলেকী থানাৰ আৰক্ষী বিষয়া সুনীল দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সুত্ৰৰ পমখেদি সীমান্ত অঞ্চলটোৰ মৰাণ গাঁৱত এক অভিযান চলাই এখন নতুন মহিন্দ্ৰ পিকআপ ভানত প্ৰায় ৬০ টিন লালীগুড় জব্দ কৰে যদিও আৰক্ষীৰ অভিযানৰ আগতীয়া খবৰ লাভ কৰি অবৈধ লালীগুড় ব্যৱসায়ীয়ে গাঁওখনত গাড়ী এৰি পলায়ন কৰে।

আৰক্ষীৰ দলটোৱে চালক তথা মালিকৰ সন্ধানত অভিযান চলাই আছে যদিও বৰ্তমানলৈ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্যনীয় যে, আৱকাৰী বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক মাহেকীয়া কমিচন আদায় দি গেলেকীৰ আলিয়ে-গলিয়ে অবৈধ মদৰ ঘাটী গঢ়ি তোলাৰ লগতে একাংশ দুষ্ট চক্ৰই লালীগুড়ৰ ব্যাপক অবৈধ ব্যৱসায় অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.