Breaking

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থানৰ অসম প্ৰান্তৰ সাধাৰণ সভা সম্পন্ন…

0 15

দেশৰ উচ্চ শিক্ষা ব্যৱস্থাৰ উন্নতি আৰু প্ৰগতিৰ কাৰণে নিৰৱিচ্ছিন্ন ভাৱে বৰঙণি আগবঢ়োৱা বেচৰকাৰী শৈক্ষিক সংগঠন বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, অসম প্ৰান্তৰ বাৰ্ষিক সাধাৰণ সভাখন শনিবাৰে ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰী তথা কণ্ঠশিল্পী জিলমিল ৰূপালী জোনাকৰ সৰস্বতী বন্দনাৰে শুভাৰম্ভ হোৱা সভাখনত আগন্তুক দুবছৰৰ বাবে নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। সেই অনুসৰি পুৰ্বৰ সভাপতি ডঃ দেৱহৰি তালুকদাৰক সভাপতি , বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাণিজ্য বিষয়ৰ অধ্যাপক ডঃ জ্যোতিৰাজ পাঠকক সাধাৰণ সম্পাদক, ডঃ হোমেশ্বৰ কলিতা, ডঃ চন্দ্ৰমা গোস্বামী, ডঃ মনিষা ভট্টাচাৰ্য, ডঃ ৰুনুমণি দাস লহকৰ আৰু ডঃ সুৰেশ দত্তক উপ সভাপতি, দীপাংকৰ বৰাক কোষাধক্ষ, কংকন গোস্বামীক কাৰ্যালয় সম্পাদক, ডঃ দুলাল হাজৰিকা আৰু ডঃ হেমপ্ৰভা শইকীয়াক যুটীয়া সম্পাদক , আৰু ১৪গৰাকী সদস্যৰ অন্তৰ্ভুক্তিৰে ২৩ জনীয়া কাৰ্যকৰী সমিতি এখন গঠন কৰা হয়।

সভাৰ উদ্বোধনীমূলক সত্ৰত মুখ্য অতিথি ৰূপে ভাষণ প্ৰদান কৰে বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় সম্পাদক তথা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য ডঃ কিৰণ হাজৰিকাই। সভাৰ দ্বিতীয় সত্ৰত বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, মেঘালয় প্ৰান্তৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, শ্বিলংৰ অধ্যাপক ডঃ সঞ্জীৱ নিগমবাম আৰু বিদ্যা ভাৰতী উত্তৰ অসম প্ৰান্তৰ সাংগঠনিক সম্পাদক নিৰৱ ঘিলানীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ বিভিন্ন বিষয়ত ভাষণ প্ৰদান কৰে। অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনৰ দুয়োটা সত্ৰৰ আত ধৰে ডঃ দুলাল হাজৰিকাই। সভাত প্ৰথমটো দুবছৰীয়া কাৰ্যকালৰ বিস্তৃত খতিয়ান সম্বলিত এখনি পুস্তিকাও উন্মোচন কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মনীষা ভট্টাচাৰ্যই।

Leave A Reply

Your email address will not be published.