Breaking

জাৰ্মানীৰ মিত্ৰজোঁট চৰকাৰে প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনমূলক গাঁজাৰ ব্যৱহাৰ বৈধ কৰাৰ পৰিকল্পনাত সন্মতি…

0 85

জাৰ্মানীৰ মিত্ৰজোঁট চৰকাৰে প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনমূলক গাঁজাৰ ব্যৱহাৰ বৈধ কৰাৰ পৰিকল্পনাত সন্মতি দিছে।

এতিয়াৰে পৰা দেশ খনত ব্যক্তিগত ব্যৱহাৰৰ বাবে ৩০ গ্ৰাম (১ অ’জ) পৰ্যন্ত ভাং লগত ৰখাৰ অনুমতি দিয়া হ’ব। অনুজ্ঞাপ্ৰাপ্ত দোকান আৰু ফাৰ্মাচীবোৰে ভাং বিক্ৰী কৰিব পাৰিব।

অৱশ্যে এই সিদ্ধান্তটো এতিয়াও সংসদত গৃহীত হোৱা নাই। স্বাস্থ্য মন্ত্ৰী কাৰ্ল লটাৰবাকে কয় যে পৰিকল্পনাটো ২০২৪ চনত আইনত পৰিণত হ’ব পাৰে।
ইউৰোপীয় ইউনিয়নত কেৱল মাল্টাই মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান কৰিছে।

নেডাৰলেণ্ডত ডাচ্চ আইনৰ অধীনত, “কফি শ্বপ”ত কম পৰিমাণৰ গাঁজা বিক্ৰী কৰা হয়।

জাৰ্মানীয়ে প্ৰতিজন প্ৰাপ্তবয়স্ক লোককঘৰত গাঁজা গছৰ খেতিৰ অনুমতি দিব।

Leave A Reply

Your email address will not be published.