ন-কইনাই বাথৰুমত গা ধুবলৈ যাওতেই নঘটিবলগীয়া ঘটনা ঘটিল। বিয়াৰ মাত্ৰ পাঁচ দিনতে এই কৰুণ ঘটনা ঘটে এগৰাকী ন-বোৱাৰীৰ সৈতে। পানী ঠাণ্ডা হোৱাৰ বাবে গিজাৰ অন কৰি গা ধুইছিল। হঠাৎ গা ধুওঁতে গিজাৰৰ বিস্ফোৰণ হয়। পিছত পৰিয়ালৰ লোকে দুৱাৰ ভাঙি কইনাৰ মৃতদেহ উদ্ধাৰ কৰে।(Geyser)
এই কৰণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাৰেলীৰ মিৰগঞ্জ অঞ্চলত। আৰক্ষীয়ে জনোৱা মতে, ২২ নৱেম্বৰত মহিলাগৰাকীৰ বিয়া হৈছিল। গা ধুবলৈ গৈ আকস্মিক দুৰ্ঘটনাৰ ফলত মৃত্যুক সাৱটি ল’বলগীয়া হয় ন-বোৱাৰীয়ে। বুধবাৰে দুপৰীয়া কইনা গা ধুবলৈ গৈছিল। (woman dies due to geyser burst)বহুদেৰি ন-বোৱাৰী বাথৰুমৰ পৰা ওলাই নহাত পৰিয়ালৰ লোক চিন্তাত পৰিল। বাহিৰৰ পৰা চিঞৰিবলৈ ধৰিলে। কিন্তু তাৰ পিছতো দুৱাৰ নোখোলাত ন-বোৱাৰীৰ স্বামীয়ে বাথৰুমৰ দুৱাৰ ভাঙিবলৈ সিদ্ধান্ত লয়।দুৱাৰ ভঙাৰ পিছত দেখা পাই অচেতন হৈ তলত পৰি আছে পত্নী। বিয়াৰ মাত্ৰ পাঁচ দিনৰ পিছতে বুধবাৰে স্বামী আৰু পৰিয়ালৰ বাকীসকলে বাথৰুমৰ পৰা উদ্ধাৰ কৰে তেওঁক।(Geyser Burst)
মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তাতেই তেওঁক মৃত ঘোষণা কৰে। চিকিৎসালয়ৰ পৰাই আৰক্ষীক খবৰ দিয়া হয়।(uttar pradesh)