ঘিউৰ সৈতে ৰুটি খালে মন-মগজু চোকা হয় নে পেটৰ চৰ্বি বৃদ্ধি হয়, জানেনে এই বিষয়ে? ঘিউৱে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও বহু উপকাৰী। কিন্তু আজিৰ ফিটনেছ ফ্ৰেণ্ডলী যুগত যেতিয়া মানুহে প্ৰতিটো কেলৰি হিচাপ কৰে, তেতিয়া ৰুটিত ঘিউ প্ৰয়োগ কৰাটো কেতিয়াবা প্ৰশ্ন হৈ পৰে।(Ghee)
ৰুটিত ঘিউ প্ৰয়োগ কৰাটো ভাৰতীয় খাদ্যৰ পুৰণি নিয়ম। আইতাহঁতৰ সময়ৰ পৰাই আমি শুনি আহিছোঁ যে ৰুটিত ঘিউ লগালে শৰীৰত শক্তি পোৱা যায়।
স্বাস্থ্য বিশেষজ্ঞৰ মতে ঘিউৱে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, সীমিত পৰিমাণত সেৱন কৰিলে স্বাস্থ্যৰ বাবেও উপকাৰী হ’ব পাৰে। দাইল, শাক-পাচলি, চাউল আৰু ৰুটিত ঘিউ প্ৰয়োগ কৰিলে খাদ্যৰ সোৱাদ বৃদ্ধি হোৱাই নহয়, আপোনাৰ পাচনতন্ত্ৰ আৰু শৰীৰৰ অন্যান্য অংশতো ইয়াৰ ভাল প্ৰভাৱ পৰে।
ঘিউ কালে ওজন বৃদ্ধি হ’ব নে কমিব-
বিশেষজ্ঞসকলে কয় যে দৈনিক সীমিত পৰিমাণৰ ঘিউ খালে ওজন বৃদ্ধিৰ পৰিৱৰ্তে ওজন কমিব পাৰে। ঘিউত থকা স্বাস্থ্যকৰ চৰ্বিয়ে বিপাকীয় ক্ৰিয়া উন্নত কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে। কিন্তু, অতিৰিক্ত পৰিমাণে ঘিউ খালে ওজন বৃদ্ধি পাব পাৰে। যাৰ বাবে ঘিউৰ সঠিক ভাৰসাম্য বজাই ৰখাটো অতি প্ৰয়োজনীয়।
মগজুৰ কাৰ্য্যত প্ৰভাৱ-
ঘিউত থকা পুষ্টিকৰ উপাদান আৰু সংপৃক্ত চৰ্বিয়ে মগজুৰ সঠিক কাৰ্য্যক্ষমতা বজাই ৰখাত সহায় কৰে। দৈনিক ঘিউ খালে স্নায়ুতন্ত্ৰ উন্নত কৰে কৰাত সহায় কৰে। ইয়াৰ ফলত আপোনাৰ মনও চোকা হয় আৰু লগতে হাড়বোৰো মজবুত হ’ব।
বিশেষজ্ঞৰ মতে সীমিত পৰিমাণত ঘিউৰ সৈতে ৰুটি খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। ই কেৱল আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰাই নহয়, মগজু আৰু স্নায়ুতন্ত্ৰৰ বাবেও অতি উপকাৰী। কিন্তু, ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ।