Breaking

২৪ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰীয়েহৈ ১৯ বছৰীয়া সৃষ্টিয়ে কি কি কাম কৰিলে ?

0 2,165

অনিল কাপুৰৰ নায়ক(২০০১) ছবি খনৰ কথা হয়তো আপোনাৰ মনত আছে ! ছবিখনত মাত্ৰ ২৪ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল অনিল কাপুৰ। কিন্তু এইবাৰ চিনেমাত নহয়, সঁচাকৈয়ে সংঘটিত হ’ল তেনে এক ঘটনা। ২৪ জানুৱাৰীত এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল হৰিদ্বাৰৰ বাসিন্দা সৃষ্টি গোস্বামী। আৰু মুখ্যমন্ত্ৰীৰ আসনত বহি সৃষ্টিয়ে কৰি দেখুৱালে বহুকেইটা কাম। আনকি ভবিষ্যতে ৰাজনীতিলৈ অহাৰ হেঁপাহ আছে বুলিও জনাই সৃষ্টি গোস্বামীয়ে।

২৪ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰী হৈ বৈঠক অনুষ্ঠিত কৰি শিশু অপৰাধ নিঃশেষ কৰাৰ বাবে আৰক্ষী বাহিনীক আহ্বান জনালে সৃষ্টিয়ে। মহিলাসকলে যাতে সুৰক্ষিত ভাবে থাকিব পাৰে তাৰ ব্যৱস্থা ল’বলৈ জনালে আহ্বান সৃষ্টিৰ। আহ্বান জনালে ঘৰুৱা হিংসা ৰোধ কৰিবলৈ। লগতে কিদৰে নিবনুৱা সমস্যা সমাধানৰ দিশত আগবাঢ়িব পাৰে, সেই সম্পৰ্কতো কৰিলে বিশদ আলোচনা ।

মুখ্যমন্ত্ৰীৰ আসনত বহা সৃষ্টি গোস্বামী  পি এছ এম পিজি কলেজৰ বিএছচি কৃষিৰ ছাত্ৰী। বিধানসভাত ভিভিন্ন বিভাগৰ সমীক্ষা বৈঠকত ভাগ লৈ এদিনৰ মুখ্যমন্ত্ৰী সৃষ্টি গোস্বামীয়ে কয় যে,  ‘কন্য়া সন্তানে শিক্ষানুষ্ঠাবলৈ অহা যোৱা কৰোতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে।নিৰাপত্তাহীনতাত ভুগিছে। গতিকে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে।’

Leave A Reply

Your email address will not be published.