দৈনন্দিন বাৰ্তা, ২৫ মাৰ্চ: অসমৰ স্বাভিমান গামোচা।(GITAG of Gamocha) অসমীয়াৰ অতি আদৰৰ-সন্মানৰ গামোচাখনেৰে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ দুগুণ ব্যস্ত হৈ পৰিছে শিপিনীসকল(artisan village)৷ হাতেবোৱা বিহুৱানখনি আপোনজনক যাঁচিবলৈয়ে এতিয়া শিপিনীসকল তাঁতশালত ব্যস্ত সকলো৷ লগতে বিহুৰ বতৰত দুই-এটকা উপাৰ্জনো তেওঁলোকৰ লক্ষ্য।

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন৷ বিহু বুলিলেই সকলোৰে বাবে প্ৰয়োজন হয় জাতিটোৰ সন্মান স্বৰূপ একোখন বিহুৱান। কিন্তু ক্ৰমাৎ যেন কমি আহিছে থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত হোৱা গামোচাৰ প্ৰচলন৷ যাৰ ফলত বহিঃৰাজ্যত আবেগহীনভাৱে প্ৰস্তুত হোৱা গামোচাই লাহে-লাহে দখল কৰিছে অসমৰ বজাৰ৷
অসমৰ সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতীক তথা অসমীয়াৰ স্বাভিমান ‘গামোচা’খনে লাভ কৰিছে ‘ভৌগোলিক সূচক’ (জি.আই.টেগ্)৷ পাঁচ বছৰীয়া দীঘলীয়া প্ৰচেষ্টাৰ অন্তত অসমৰ সংস্কৃতি আৰু পৰিচয়ৰ অন্যতম প্ৰতীক গামোচাই ২০২২ চনৰ ১৩ ডিচেম্বৰত এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল।

গামোচাৰ বাবে ‘জি আই টেগ’ সামগ্ৰীৰ ভৌগোলিক সূচক (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯’ৰ অধীনত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ আৱেদনৰ ভিত্তিত পঞ্জীয়ন কৰা হৈছে৷ স্মৰ্তব্য যে, ২০১৭ চনৰ ১৬ অক্টোবৰত গোলাঘাট জিলাৰ হস্ততাঁত উন্নয়ন প্ৰতিষ্ঠানে জিআই-টেগৰ বাবে আৱেদন দাখিল কৰাৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷

জি আই টেগৰ বাবে হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে আৱেদন প্ৰেৰণ কৰাৰ লগতে প্ৰয়োজনীয় গৱেষণা আৰু নথিপত্ৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সম্পাদন কৰিছিল৷
ভৌগোলিক স্বীকৃতি লাভৰ পাছত সন্মুখীন হোৱা কিছুমান সমস্যাৰ বিষয়ে তদানীন্তন অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সঞ্চালক পৰাগমণি মহন্তই কৈছিল “হস্ততাঁত নিৰ্মিত গামোচাৰ উৎপাদন, প্ৰচাৰ আৰু বিপণন সম্পৰ্কীয় সকলো বিষয় সুশৃংখলিত কৰাটো হৈছে আমাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান৷
আমি শিপিনীসকলৰ মাজত গামোচাই লাভ কৰা জি আই টেগৰ বিষয়ে সজাগতা সৃষ্টি কৰিব লাগিব৷” জি আই টেগ লাভ কৰাৰ পাছত এনেধৰণৰ কাৰ্যকলাপ বহু পৰিমাণে ৰোধ কৰিব পৰা যাব বুলি সকলোৱে আশা কৰিছিল৷ কিন্তু ইয়াৰ পাছতো অসমৰ গামোচাৰ প্ৰত্যাহ্বানৰ অন্ত নপৰিল। ‘জি আই টেগৰ বিষয়ে সজাগতা সৃষ্টি’ কি পৰ্যায়ত থাকিল, শিপিনীসকলে গমেই নাপালোঁ।
ৰাজ্যৰ বজাৰসমূহত মেচিনেৰে নিৰ্মিত (পাৱাৰলুম) গামোচা(Powerloom) এতিয়াও উভৈনদী৷ ইয়াৰ সৰহভাগেই ৰাজ্যৰ বাহিৰত উৎপাদিত আৰু হাতেবোৱা গামোচাৰ তুলনাত এইসমূহৰ দাম আৰু গুণগত মান যথেষ্ট কম৷ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ পৰা প্ৰকাশিত এক সূত্ৰত বিভাগীয় বিপণীসমূহৰ বাবে বছৰত প্ৰায় দুই লাখ গামোচাৰ প্ৰয়োজন হয় বুলি কোৱা হৈছে৷
অথচ সেই গামোচাৰ চাহিদা পূৰণৰ বাবে জি আই টেগ লাভ কৰাৰ পাছৰে পৰা চৰকাৰী ভূমিকা বৰকৈ চকুত নপৰে। মাজে-সময়ে চৰকাৰী কিছু আঁচনিৰ বিজ্ঞাপন দেখা যায়। আঁচনিৰ সঠিক ৰূপায়ণ হোৱা হ’লে বহিঃৰাজ্যৰ গামোচা অসমত দেখাই নগ’লহেঁতেন। আনেহে নালাগে চৰকাৰী অনুষ্ঠানসমূহে বহিঃৰাজ্যৰ গামোচাৰ প্ৰাদুৰ্ভাৱ দুখ লগাকৈ দেখা যায়। তাৰ বিপৰীতে অসমৰ কমকৈ হ’লেও কিছু গাঁৱত থলুৱা শালত শিপিনীয়ে গামোচা হয়।
এই কমসংখ্যক হাতেবোৱা গামোচাৰ চাহিদা প্ৰচুৰ। সেই চাহিদা পূৰণ কৰিব পৰাকৈ অসমত পৰ্যাপ্ত শিপিনীও নাই বা আগ্ৰহো নাই। তাৰ মাজতে কলিয়াবৰৰ এখন গাঁৱত বহাগ বিহুক আদৰিবলৈ প্ৰায় প্ৰতিঘৰ গৃহস্থীৰ তাঁতশালত গামোচাৰ প্ৰাণ পায়। এই পৰম্পৰা যুগমীয়া যদিও, যোৱা ২০১৭ চনৰ পৰা গাঁওখনৰ শিপিনীসকলক কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা শিপিনীসকলক গামোচা ববলৈ সূতা যোগান ধৰি সহায় কৰি আহিছে।
শিপিনীসকলৰ এই কাৰ্যৰ প্ৰতি সন্মান জনাই কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁওখনক ছাত্ৰ সন্থাই ‘শিপিনী গাঁও’ ৰূপে স্বীকৃতি প্ৰদান কৰিছিল। অসমীয়াৰ জাতিৰ সন্মান বিজড়িত গামোচাৰ থলুৱা উৎপাদনৰ লক্ষ্যৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৰাজ্যৰ বজাৰত বহিৰাগত গামোচাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে থলুৱা শিপিনীসকলক এক উপাৰ্জনৰ পথ মুকলি কৰি দিয়াৰ বাবে কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাই ২০১৭ চনতে আৰম্ভ কৰা কৰিছিল থলুৱা গামোচা উৎপাদনৰ অভিযান।
বিগত বছৰসমূহত কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ শিপিনীসকলে কিছু পৰিমাণে থলুৱা গামোচাৰ চাহিদা পূৰণ কৰি আহিছে৷ সমাগত বিহুৰ বাবেও ব্যস্ত হৈ পৰিছে কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ শতাধিক শিপিনী, তাঁতশালত এতিয়া বুটাবচা ফুলৰ(Butabacha flower) বিহুৱান(Bihuan) বৈছে।
গাঁওখনৰ প্ৰায় প্ৰতিঘৰতে শাহু-বোৱাৰী, জীয়াৰী সকলো এতিয়া তাঁতশালত ব্যস্ত। ছাত্ৰ সন্থাই দিয়া সূতাৰ লগতে নিজাকৈও হৈছে গামোচা। ছাত্ৰ সন্থাই দিয়া সূতাৰে বোৱা গামোচাৰ এটা অংশ তেওঁলোকে আয়োজন কৰা বিহুৰ লগতে বিভিন্ন অনুষ্ঠানত অতিথি-অভ্যাগতসকলক আদৰণি জনাবলৈ এনেদৰেই থলুৱা শিপিনীয়ে হাতেবোৱা গামোচা ব্যৱহাৰ কৰি আহিছে।
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ এই প্ৰশংসনীয় পদক্ষেপ অসমত থকা বহু বৃহৎ জাতীয় সংগঠন বা অনুষ্ঠানে গ্ৰহণ কৰি অসমৰ ঐতিহ্য গামোচাখনে পাই অহা ব্যৱসায়িক প্ৰত্যাহ্বান প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা পালন কৰিব পাৰে।
কিয়নো এই সংগঠন-অনুষ্ঠানসমূহে বছৰত আয়োজন কৰা বিভিন্ন কাৰ্যসূচীত বহু গামোচাৰ প্ৰয়োজন হয়। কেৱল কথাৰে নহয়, কামেৰেও অসমক ভালপোৱাৰ উদাহৰণ প্ৰস্তুত কৰাৰ সময়ৰ আহ্বান আওকাণ কৰি অসমে বহুত হেৰুৱাইছে।