গোলকীয় পৰিস্থিতি এতিয়া ভয়ংকৰ’: ৰোজগাৰ মেলা মুকলি কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে…


নিৱনুৱা সমস্যাই গ্ৰাস কৰা ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোজগাৰ মেলা মুকলি কৰে। অনুষ্ঠান মুকলি কৰি মোদীয়ে কয় যে বিশ্বৰ কেইবাখনো দেশৰ ওপৰত কোভিড-১৯ মহামাৰীৰ অৰ্থনৈতিক প্ৰভাৱ পৰিছে। ভাৰতে তেনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কাম কৰি আছে। চৰকাৰী চাকৰিৰ বাবে আবেদন কৰা ৭৫,০০০ জনক আজি মোদীয়ে নিযুক্তি পত্ৰ বিতৰণ কৰে।

এই সম্পৰ্কীয় “ৰোজগাৰ মেলা”ত ভাষণ দি মোদীয়ে কয় যে চৰকাৰে যুৱক-যুৱতীৰ বাবে যিমান সম্ভৱ সিমান চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ বাবে কাম কৰি আছে। তেওঁ কয় “এইটো সঁচা যে গোলকীয় পৰিস্থিতি ভয়ংকৰ। কেইবাটাও বৃহৎ অৰ্থনীতিৰ সংকটে বিশ্বক জোকাৰি গৈছে। কেইবাখনো দেশত উচ্চ মুদ্ৰাস্ফীতি আৰু নিবনুৱাৰ সংখ্যা সৰ্বকালৰ ভিতৰতে সৰ্বাধিক হৈছে”।

তেওঁ লগতে কয় যে কোভিড মহামাৰীৰ পৰৱৰ্তী প্ৰভাৱ ১০০ দিনৰ ভিতৰত নাইকিয়া নহ’ব। কিন্তু ভাৰতে এই ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিছে আৰু দেশক এই সমস্যাবোৰৰ পৰা দূৰত ৰাখিবলৈ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কৌশল ৰচনা কৰিছে। উল্লেখ্য চলিত বৰ্ষৰ জুন মাহত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক মিছন মোডৰ জৰিয়তে ১০ লাখ পদ নিয়োগ কৰিবলৈ নিৰ্দেশ দিছিল। সকলো চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ মানৱ সম্পদৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে এই নিৰ্দেশনা দিছিল।


পিএমঅ’য়ে জনোৱা মতে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি সকলো মন্ত্ৰালয় আৰু বিভাগে অনুমোদিত পদসমূহৰ বিপৰীতে থকা খালী পদসমূহ পূৰণ কৰাৰ বাবে মিছন মোডত কাম কৰি আছে। সমগ্ৰ দেশৰ পৰা বাছনি কৰা নতুন কৰ্মচাৰীসকলক ভাৰত চৰকাৰৰ ৩৮ টা মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি দিয়া হ’ব। নৱনিযুক্ত কৰ্মচাৰীসকলে গ্ৰুপ-এ, গ্ৰুপ-বি (ৰাজপত্ৰিত), গ্ৰুপ-বি (নন-গেজেটেড) আৰু গ্ৰুপ-চি আদি বিভিন্ন স্তৰত যোগদান কৰিব। নিযুক্তি দিয়া পদসমূহৰ ভিতৰত আছে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰী, উপ পৰিদৰ্শক, কনিষ্টবল, এলডিচি, ষ্টেনোছ, পিএ, আয়কৰ পৰিদৰ্শক, এমটিএছ আদি।

Related Articles