Breaking

১৫ নং ৰাষ্ট্ৰীয়  ঘাইপথৰ গোগামুখ নগৰ অংশত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰমদান কাৰ্যসূচী

0 28

গোগামুখ নগৰৰ  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অংশ অতিকেই বিধ্বস্ত হৈ পৰাত আৰু ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাতা সংস্থা, ৰাজ্যিক লোক নিৰ্মাণ বিভাগ, কোনো মন্ত্ৰী-বিধায়ক, সাংসদে পথটোৰ বিধ্বস্ত অংশ নিৰ্মাণৰ ব্যৱস্থা নকৰাত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই পথটো নিজেই মেৰামতি কৰিবলগা হয় ।

গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই পথটোৰ মেৰামতিৰ বাবে ছাত্ৰ সন্থাই বহুদিন ধৰি  দাবী জনায় আহিছে যদিও চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে  কোনো পদক্ষেপ  গ্ৰহণ নকৰিলে । আজি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ স্বাৰ্থত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অংশ  শিল-বালি,  চিমেন্টেৰে পুনৰ নিৰ্মাণ কৰে ।

শ্ৰমদান স্থলীত উপস্থিত থাকি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ঋতুপৰ্ণ কোঁছে চৰকাৰৰ পথটোৰ ওপৰত কোনো গুৰুত্ব নিদিয়া কাৰ্যক তীব্ৰ ভাষাৰে  সমালোচনা কৰে । তেওঁ ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক  বিধায়ক ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ নিজৰ সমষ্টিৰ সমস্যাসমূহৰ  সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়া কাৰ্যক তীব্ৰ নিন্দা কৰি এই বিধ্বস্ত পথ সমূহ অতি শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনায় ।

উক্ত  কাৰ্যসূচীত অসম সেনাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক যুগল কৃষ্ণ ফুকন,  ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্নিবান শইকীয়াৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰবাল চাংমাই, সাধাৰণ সম্পাদক নবীন বৰা সহ অৰ্ধ শতাধিক ছাত্ৰ কৰ্মীয়ে পথ মেৰমতিত অংশগ্ৰহণ কৰে  ৷ পথ মেৰামতিত সহায়- সহযোগ আগবঢ়োৱা গোগামুখবাসী ৰাইজক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.