Breaking

ক’ৰনা কালত গোলাঘাটৰ সাংস্কৃতিক কৰ্মী জিতেন কাকতিক “সাৰথি”ৰ সহায়ৰ হাত

0 1,039

শিল্পীৰ জীৱন তেনেই সাধাৰণ । অসমত বৰ্তমানেও কেৱল  শিল্পৰ চৰ্চা কৰি এক স্বচ্ছল জীৱন যাপন কৰাৰ পৰিবেশ গঢ়ি উঠা নাই  । তেনে সময়তে কৰ’নাৰ আগমণ শিল্পী সমাজৰ  বাবে ভূতৰ ওপৰত দানহ পৰাৰ দৰে এক অনাকাংক্ষিত ঘটনা ।যিহেতু  বিভিন্ন সময়ত অসমত শিল্পী জীৱনৰ চৰম সত্যৰ ছবিখন  সংবাদৰ শিৰোনামা হৈ আহিছে। জীৱনক মেৰিয়াই ৰখা এই সাংস্কৃতিক চৰ্চাৰ প্ৰতি থকা অগাধ ভালপোৱা বা সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ বাবেই এইসকল শিল্পীয়ে জীৱন উৰ্চগা কৰে বিভিন্ন সাংস্কৃতিক কৰ্মৰ যোগেদি  ।  কৰ’না কালৰ  এই বিপদৰ সময়ত কি কৰিছে এই  শিল্পী ,কলা-কুশলীসৱে ? পেটে -ভাতে দুবেলা -দুমুঠি খাই শিল্প চৰ্চাৰে  সমাজ সুন্দৰ কৰাৰ সপোন দেখা তথা শিল্প চৰ্চাৰে জীৱনৰ বাট বিচাৰি লোৱা শিল্পী সমাজলৈ আহিছে অতিকৈ  আৰ্থিক সংকট । দিন-হাজিৰা কৰিবলৈও কুন্ঠাবোধ কৰা নাই এইসকল সাংস্কৃতিক কৰ্মীয়ে।  কৰ’নাৰ প্ৰথমটো ঢৌতেই বিধ্বস্ত অতিকৈ স্বাভিমানী কিছু শিল্পীয়ে  চৰকৰী ঘৰৰ পৰাও আজিপৰ্যন্ত লাভ কৰা নাই কোনো আৰ্থিক সহায়। চৰম আৰ্থিক সমস্যাৰে জৰ্জৰিত অসমৰ লগতে  গোলাঘাটৰ বহু সাংস্কৃতিক কৰ্মী ।  তেনে এজন সাংস্কৃতিক কৰ্মী, সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন কাকতি।  আৰ্থিক সংকটৰে যুজঁ দি অৱশেষত নিজকে এজন ব্যৱসায়ীৰ ৰূপত প্ৰতিষ্ঠা কৰি সংসাৰৰ বোজা বহন কৰিছে এইজন সত্ৰীয়া সংস্কৃতিৰ সাধকে।শিল্পচৰ্চা বাদ দি এতিয়া  গোলাঘাটৰ জোনাকী নগৰৰ পদপথত আৰম্ভ কৰিছে এখনি শাক-পাচলিৰ দোকান। কিছু দিন পূৰ্বে শিল্পীজনৰ এই জীৱন যাত্ৰাক প্ৰত্যক্ষ কৰে গোলাঘাটৰ সাংবাদিক  সমাজে। আৰু লগে লগে  বহুকেইটা বাতৰিও পৰিবেশন হ’য় শিল্পী জনৰ ওপৰত। তেনে বাতৰিৰ প্ৰভাৱত আজি কিছু আৰ্থিক সহায়েৰে সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিল এটা বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থা। “সাৰথি” এই স্বেচ্ছাসেৱী সংস্থা টোৱে ইতিমধ্যে মানৱ সমাজলৈ অহা চৰম সংকটৰ সময়ত অসহায় জনক এখনি সহায়ৰ হাত আগবঢ়াই আহিছে। যেনেদৰে আজি শিল্পী জিতেন কাকতিৰ ওচৰত থিয় হৈ সত্ৰীয়া নৃত্যৰ বিশাৰদ জনলৈ আগবঢ়াই বিশ হাজাৰ টকা।যিহেতু  গোলাঘাটৰ বিভিন্ন অঞ্চলত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া কাকতি আজি পদপথৰ ব্যৱসায়ী । লকডাউন, কাৰ্ফিউ আদিৰ দৰে নিষেধাজ্ঞাই একেবাৰে অচল কৰি পেলোৱা বহু শিল্পীৰ মাজৰ  এজন।অৱশেষত পৰিস্থিতিয়ে   শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তি ত্যাগ কৰিবলৈ বাধ্য কৰালে  জীতেন কাকতিক । দিশহাৰা হৈ পৰা কাকতিক  বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “সাৰথি”য়ে আজি  বিশ হাজাৰ টকাৰ এক সাহাৰ্য্য  প্ৰদান কৰি যি মহৎ কাম কৰিলে , সেইয়া নিশ্চয়কৈ প্ৰশংসনীয় ।  সাৰথিৰ এই পদক্ষেক শলাগ লৈছে সচেতন মহলে।

Leave A Reply

Your email address will not be published.