Breaking

Police Officer Jitumoni Deka Suspended: বিতৰ্কিত চুমীৰ বৰাৰ বিয়া খাবলৈ গৈ বিপদত পৰিল আৰক্ষী বিষয়া; অ’চি জিতু ডেকাক নিলম্বন

211

‘ট্ৰেডিঙৰ লগত মোৰ কোনো সম্পৰ্ক নাই, তাৰ্কিকৰ লগত ভ্ৰাতৃত্বসুলভ বন্ধুত্বৰ বাবে বিয়া খাবলৈ গৈছিলোঁ”- নিলম্বিত আৰক্ষী বিষয়া জিতু ডেকা (Police Officer Jitumoni Deka Suspended) ।

গোলাঘাট,৭ ছেপ্টেম্বৰঃ বিতৰ্কিত তাৰ্কিক বৰা আৰু চুমী বৰাৰ বিয়া খাবৰ বাবে ৰাজস্থানৰ উজয়পুৰলৈ গৈ অৱশেষত চাকৰিৰ পৰা নিলম্বন হ’ল গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকা(Police Officer Jitumoni Deka Suspended) । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তৎকালীনভাৱে বলবৎ হোৱাকৈ এই নিৰ্দেশ জাৰী কৰিছে(Assam Director General of Police G.P. Singh) ।

শ-শ কোটি টকীয়া ট্ৰেডিং মাষ্টাৰ বিশাল ফুকন জালত বন্দী হোৱাৰ পাছত বিশালৰ পাতি লোৱা বায়েক চুমী বৰাৰ কোটি টকীয়া বিয়া খাবলৈ যোৱা অন্যতম অতিথি আছিল গোলাঘাট থানাৰ অ’চি জিতুমণি ডেকা(Tarkik-Sumi lavish wedding) । সামাজিক মাধ্যমত ভাইৰেল হৈছিল জিতুমণি ডেকাৰ গ্ৰুপ ফটো । তাৰ পাছতেই চৰকাৰ তথা অসম আৰক্ষীৰ দৃষ্টিগোচৰ হয় বিষয়টো।‌ সমগ্ৰ ঘটনাটোৱে এক নতুন মোৰ লৈছে(Golaghat Sadar Police OC Jitumoni Deka) ।‌

উল্লেখ্য যে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী বিষয়া জিতুমণি ডেকাই গোলাঘাটৰ সাংবাদিকৰ ওচৰত এনেদৰে কয়- “ৰাজস্থানত অনুষ্ঠিত তাৰ্কিক আৰু চুমিৰ বিবাহ অনুষ্ঠানত তেওঁ শুভাকাঙ্খী হিচাপেহে উপস্থিত আছিল। যিহেতু ২০১২-২০১৩ চন মানৰে পৰা তাৰ্কিক বৰাৰ সৈতে এক ভাতৃত্ব সুলভ সম্পৰ্ক গঢ়ি উঠিছিল আৰু সেই সূত্ৰেই তাৰ্কিক বৰাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ উক্ত বিবাহ অনুষ্ঠানত উপস্থিত আছিল।

ডেকাই লগতে কয় যে,”মই সৰুৰে পৰাই ফটোগ্ৰাফী কৰি ভাল পাইছিলো,যাৰ বাবে পঢ়া-শুনা , চাকৰি আদিৰ মাজতে ফটোগ্ৰাফীৰ জগতখনৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলো। ২০১২-১৩ চনত মই তেজপুৰৰ টাউনৰ উপ- পৰিদৰ্শক হৈ থাকোতে তাৰ্কিক বৰাৰ সৈতে পৰিচয় হৈছিলো আৰু তেতিয়াৰ পৰাই তাৰ্কিকৰ লগত এক সু সম্পৰ্ক আছিল। সেইসময়ত তাৰ্কিক বৰাসহ তেওঁৰ সহপাঠীসকলে এন জি অ’ জৰিয়তে তেজপুৰত বিভিন্ন কাৰ্যসূচী হাতত লৈছিল আৰু তাৰেই অনুমতি বিচাৰি আৰক্ষী থানা লৈ অহা যোৱা কৰিছিল। তেনেকৈয়ে তাৰ্কিকৰ লগত চিনা পৰিচয় হৈ এদিন তেওঁ ভাতৃৰ দৰে হৈ পৰিছিল। তেনে সম্পৰ্কৰ সুবাদতে বিভিন্ন সময়ত তাৰ্কিককে ধৰি অন্যান্যসকলৰ সৈতে আমি ফটোগ্ৰাফীৰ বাবে বিভিন্ন অঞ্চললৈ একেলগে গৈছিলো। এনেকৈয়ে ফটোগ্ৰাফীৰ সৈতে জড়িত হৈ মই আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিলো । তাৰ্কিকৰ লগত থকা এনে সু- সম্পৰ্কৰ বাবেই হয়তো তাৰ্কিকৰ অনুৰোধ ৰক্ষা কৰি চৰকাৰীভাৱে ছুটী লৈ তেওঁলোকৰ বিবাহ অনুষ্ঠানত উপস্থিত হৈছিলোগৈ ।”

ফটোগ্ৰাফীৰ বাহিৰে তাৰ্কিকৰ সৈতে অন্য কোনো সম্পৰ্ক নথকা বুলি দাবী কৰি জিতুমণি ডেকাই লগতে কয় যে, বৰ্তমান চৰ্চা হৈ থকা ট্ৰেডিং আদিৰ দৰে কথা বতৰাবোৰত তেওঁৰ কোনো সম্পৰ্ক নাই । লগতে তাৰ্কিক বৰাৰ বাহিৰে অন্য চৰ্চিত ব্যক্তিসকলৰ লগত ডেকাৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: Sumi Borah: আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং

Comments are closed.