Breaking

গোগামুখ এন চি ডি মহাবিদ্যালয়লৈ আনন্দৰ খবৰঃ অধ্যক্ষ-অধ্যাপকলৈ আমেৰিকাৰ প্ৰখ্যাত মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ সোণৰ মেডেল… 

0 233

বৃহত্তৰ গোগামুখ আৰু গোগামুখ এন চি ডি মহাবিদ্যালয়লৈ আহিছে আনন্দৰ খবৰ৷ মহাবিদ্যালয়খনৰ  অধ্যক্ষ ড° সুৰজিৎ দলে আৰু অংকশাস্ত্ৰ বিভাগৰ সহযোগী অধ্যাপক সদানন্দ পেগুলৈ আমেৰিকাৰ প্ৰখ্যাত তথা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিৰ  ফালৰ পৰা  সোণৰ পদক প্ৰদান কৰিছে৷

উক্ত পদক  মূলতঃ মহাবিদ্যালয়খনৰ প্ৰতি আগবঢ়োৱা সেৱামূলক কৰ্ম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কৰা ত্যাগ স্বীকাৰৰ বাবে মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিয়ে প্ৰদান কৰিব৷ সমাগত ১৪ জুলাই নতুন দিল্লীৰ  লডি পথস্থিত গুলমোহৰ ইণ্ডিয়ান হেবিটেত চেন্টাৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিৰ বিষয়-ববীয়াৰ উপস্থিতিত প্ৰদান কৰা হ’ব৷

আমেৰিকাৰ মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিয়ে ঝাৰখণ্ডস্থিত ইণ্ডিয়ান ৰিচাৰ্চ ফ’ৰামৰ সহযোগত সমগ্ৰ ভাৰত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ তথ্য সংগ্ৰহ কৰে আৰু উক্ত তথ্যৰ ভিত্তিত উক্ত বঁটাসমূহ প্ৰদান কৰে৷ উল্লেখনীয় যে, ধেমাজি জিলাৰ গোগামুখ লটাকস্থিত  এন চি ডি মহাবিদ্যালয়খন ২০০৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিল৷ মহাবিদ্যালয়খনৰ চৌপাশ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ আৰু শৃংখলাবদ্ধতাৰ ফালৰ পৰা মহাবিদ্যালয়খন অন্যন্য৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দলে আৰু সহযোগী অধ্যাপক সদানন্দ পেগুৰ সোণৰ পদক লাভে এন চি ডি মহাবিদ্যালয়ৰ লগতে সমগ্ৰ গোগামুখত এক আনন্দৰ লহৰ তুলিছে৷

Leave A Reply

Your email address will not be published.