Breaking

বিমানবন্দৰত তিনিজন পৰিল জালত;বডী শ্বেপাৰৰ মাজত লুকুৱাই আনিছিল ৩ কোটি টকাৰ সোণ!

0 62

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দত ৩ কোটি টকা মূল্যৰ সোণ জব্দ। শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিছে তিনি সোণ সৰবৰাহকাৰীক। বিমানবন্দৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শ্বাৰজাৰ এখন বিমান দিল্লীত উপস্থিত হৈছিল। সেই বিমানৰ তিনি যাত্ৰীৰ ওপৰত সন্দেহ ওপজে শুল্ক বিভাগৰ। তিনিওজন লোকক তালাচী কৰাত বডী শ্বেপাৰৰ ভিতৰত লুকুৱাই অনা অৱস্থাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সোণ।

লগে লগে সোণখিনি জব্দ কৰে শুল্ক বিভাগে। জব্দ হোৱা সোণখিনিৰ মূল্য ২.৯৬ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। অভিযুক্তকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান আটাইকেইজনক সোধা–পোছা কৰা হৈছে।

উল্লেখযোগ্য যে দিল্লী বিমানবন্দৰত সোণ সৰবৰাহৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। বিগত এটা মাহত এনে বহু ঘটনা পোহৰলৈ আহিছে। ২৭ অক্টোবৰত দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত জব্দ হৈছিল ৭.৫ কলোগ্ৰাম সোণ। এই সোণখিনিৰ মূল্য আছিল ৩.৫ কোটি টকা।

Leave A Reply

Your email address will not be published.