Golden Langur Conservation: হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সুন্দৰ প্ৰয়াস

মিৰ্জা, ১৩ অক্টোবৰ: জৈৱ বৈচিত্ৰ্যত চহকী আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি চানডুবি(Chandubi biodiversity)ৰ কাষৰীয়া ৰাজাপাৰা অঞ্চলত অগ্ৰণী সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘই অসমত দুষ্প্ৰাপ্য হবলৈ ধৰা হলৌ বান্দৰ প্ৰজাতিটো সংৰক্ষণৰ বাবে শেহতীয়াকৈ কেতবোৰ প্ৰচেষ্টা হাতত লৈছে (Golden Langur Conservation) । ইয়াৰ অংশ হিচাপে ১০ অক্টোবৰত বিশ্ব হলৌ বান্দৰ দিৱসৰ লগত সংগতি ৰাখি সংঘৰ উদ্যোগত ৰাজাপাৰাত এক সজাগতা মুলক অনুষ্ঠান অনুষ্ঠিত কৰা হয়(Rajapara youth efforts) ।

সংঘৰ সভাপতি পক্ষীৰাজ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, হাতীগড় মিলন জ্যোতি সংঘৰ সভাপতি উৎপল ৰাভা, ৰাজাপাৰা ৰাইজ গয়ৰহৰ সভাপতি পৱিত্ৰ ৰাভা, কাৰ্যকৰী সভাপতি ভাৰ্গিথ ৰাভা, পূৱ ৰাজাপাৰাৰ গাঁওবুঢ়া গণেশ ৰাভা, ছেভেন ৱেবচ ৰিচাৰ্ছ সংস্থাৰ কৰ্মকৰ্তা ক্ৰমে – ঋতুৰাজ দেৱান, টানিয়া তালোৱাৰ , ধীতিমণি দাস, সীমা তালুকদাৰ, হলৌ বান্দৰৰ সংৰক্ষণৰ বাবে কাম কৰি অহা কেবাজনো লোকে ভাগ লৈ ভাষণ প্ৰদান কৰে(Habitat conservation Assam)।

হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সুন্দৰ প্ৰয়াস

ভাষণ প্ৰসংগত বক্তাসকলে কয় হলৌ বান্দৰ প্ৰকৃতিৰ এক দুষ্প্রাপ্য ও অনন্য সৃষ্টি । ই জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ লগতে প্ৰকৃতিৰ শোভাবর্দ্ধনৰ ক্ষেত্ৰতো এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে । আনকি মানুহৰ খাদ্য-শস্যৰ কোনো অনিষ্ট সাধন নকৰে হলৌ বান্দৰে(Endangered species Assam) । কিন্তু জধে-মধে বন-জংঘল ধ্বংসৰ ফলত হলৌ বান্দৰ অহা-যোৱা কৰা হলৌ বাট (Golden Langur Corridor) বা ফল-মূলৰ গছ আৰু বাসস্থানবোৰ একাধিক্রমে সংকুচিত বা নোহোৱা হৈ আহিছে । ইয়াক উপযুক্তভাবে সংৰক্ষণ কৰাটো সকলোৰে দায়িত্ব আছে বুলি বক্তা সকলে সদৰি কৰে(Wildlife preservation in Assam) ।

আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত হলৌ বান্দৰৰ অহা – যোৱা কৰা পথ, হলৌ বান্দৰৰ বংশবৃদ্ধিৰ বাবে বিচৰণথলীসমূহ চিহ্নিত কৰাৰ বাবে কেতবোৰ সংকেটমূলক হৰ্ডিং স্থাপন কৰাৰ লগতে ৰাইজৰ মাজত প্ৰচাৰ পুস্তিকা বিতৰণ কৰা হয় । উল্লেখ্য যে চানডুবিৰ নৈসর্গিক প্রাকৃতিক সৌন্দর্য্য, পৰ্ব্বত-পাহাৰ, ওখ-ওখ গছ, বিশুদ্ধ অক্সিজেন ও বিভিন্ন দুষ্প্রাপ্য বনৰীয়া জীৱ-জন্তুৰে ভৰা অঞ্চল হিচাপে পৰিচিত অঞ্চলটোত হলৌ বান্দৰৰ বিচৰণথলী হিচাপেও পৰিগণিত হৈ আহিছে ।

Related Articles