Breaking

অসমীয়া চুটিছবি অনুৰাগীৰ বাবে সুখবৰঃ শীঘ্ৰে শুভমুক্তি লাভ কৰিব “মামৰ”

0 16

                                      
 শিশুৰ শিক্ষা আৰু সুৰক্ষাৰ লক্ষ্যৰে ৰঙিয়াৰ বিশিষ্ট পৰিচালক পংকজ পল্লৱ শৰ্মাই পৰিচালনা কৰা চুটি ছবি “মামৰ” ৰ  ৩০ জুনত নলবাৰীৰ শুশ্ৰুষা হাস্পাতালৰ প্ৰেক্ষাগৃহত  শুভ মুক্তি অনুষ্ঠানৰ ব্যাপক আয়োজন কৰা হৈছে । সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ বেনাৰত  শিল্পী বিমলা দেৱীয়ে প্ৰযোজনা কৰা চুটিছবিখনৰ কাহিনী বিশিষ্ট নাট্যকাৰ তিলক বৈশ্যৰ । প্ৰণৱ মেধীৰ কাৰ্যবাহী প্ৰযোজনাৰে সাম্প্ৰতিক সময়ৰ এক বিশেষ ঘটনাৰ আধাৰত  “মামৰ”ৰ কাহিনী ভাগ আগবাঢ়িছে।

লোৰ মামৰে ধৰিলে যেনেকৈ ক্ষয় যায় ঠিক তেনেকৈ সামাজতো সমস্যা বাঢ়িলে সমাজো ক্ষতিসাধন হয় । এনে এক বিশেষ বাৰ্তাবহন কৰা চুটিছবিখনৰ পংকজ পল্লৱ শৰ্মাৰ।  অসমীয়া বোলছবি জগতৰ মুকুল দাস, অজিত বৰ্মন,প্ৰদীপ শৰ্মা, ৰঞ্জীত দাস, জিতু ডেকা, পৰমানন্দ নাথ, জোৰান, ডাঃ নৱ বেজবৰুৱা, পিয়ুস কৃষ্ণাত্ৰেয়,জৰ্জীয়া মেধী, বিমলা দেৱী, মনিকা হালৈ, পাল্কী কৃষ্ণাত্ৰেয় দৈৱকী বড়ো, মমী বৰা প্ৰমুখ্যে শিল্পী সকলে ছবিখনত অভিনয় কৰিছে ।

Leave A Reply