Breaking

অসমবাসীৰ বাবে সুখবৰ, চৰাইদেউ মৈদামে লাভ কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি…

0 29

অসমবাসীৰ বাবে সুখবৰ৷ চৰাইদেউ মৈদামে লাভ কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি৷ আজি পুৱা ১০ বজাত ঘোষণা কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমিতিয়ে৷ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

বৃহস্পতিবাৰে ৰাতি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে অসমৰ ৰাইজৰ বাবে স্বকীয় ঐতিহ্যৰ ধ্বজাবাহী চৰাইদেউ মৈদামে ইউনেস্ক’ৰ স্বীকৃতি লাভ কৰাটো এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব৷ আমি পুৱা ১০ বজাৰ ঘোষণাৰ বাবে পৰম আগ্ৰহেৰে বাট চাই আছোঁ৷ এয়া ঐক্যবদ্ধভাৱে আমাৰ সমৃদ্ধ ঐতিহ্য আৰু গৌৰৱক উদযাপনৰ সময়৷ এই স্মৰণীয় মুহূৰ্তৰ সাক্ষী হ’বলৈ সাজু হওঁ আহক৷

Leave A Reply

Your email address will not be published.