Breaking

উৰ্ফিৰ অনুৰাগীৰ বাবে ভাল খবৰ! ‘LOVE… AUR DHOKHA 2’ৰ জৰিয়তে বলিউদত আত্মপ্ৰকাশ কৰিব উৰ্ফি জাভেদে…

0 64

উৰ্ফি জাভেদৰ অনুৰাগী সকলৰ বাবে এক ভাল খবৰ। অভিনেত্ৰীগৰাকীয়ে অতি সোনকালে ডিজিটেল ছবিত অভিষেক ঘটাব। একতা কাপুৰৰ বিখ্যাত ছবি ‘লাভ চেক্স ঔৰ ধোখা ২’ত দেখা যাব উৰ্ফিক। এই ডিজিটেল জগতখনৰ অংশ হোৱাৰ বাবে উৰ্ফি এক উত্তম উদাহৰণ, যি ছবিখনৰ বাবে সৰ্বোত্তম পছন্দ। উৰ্ফি হৈছে আটাইতকৈ ডাঙৰ আইকন, যিগৰাকী কেৱল ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছে।

‘লাভ চেক্স ঔৰ ধোখা ২’ৰ কাহিনীৰে ইণ্টাৰনেট যুগৰ প্ৰেম আৰু সম্পৰ্কৰ আভাস দিব, যিয়ে মনোৰঞ্জন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই ছবিখনত উৰ্ফি জাভেদৰ উপস্থিতিয়ে এই ছবিখনৰ মনোৰঞ্জন আৰু অধিক বৃদ্ধি কৰিব। উৰ্ফি জাভেদে তেওঁৰ অনন্য ফেশ্বন চেন্স আৰু ছ’চিয়েল মিডিয়াত উপস্থিতিৰ বাবে পৰিচিত, অনুৰাগীসকলে তেওঁক ‘লাভ চেক্স এণ্ড ধোখা ২’ত দেখি অতিশয় উৎসাহিত হৈছে। ‘লাভ চেক্স ঔৰ ধোখা ২’ প্ৰযোজনা কৰিছিল একতা আৰ কাপুৰ আৰু শোভা কাপুৰে। আনহাতে এই ছবিখন পৰিচালনা কৰিছে দিবাকৰ বেনাৰ্জীয়ে। এই ছবিখন ২০২৪ চনৰ ১৯ ​​এপ্ৰিলত মুক্তি পাব। যিটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে নিজেই একতা কাপুৰে।

Leave A Reply

Your email address will not be published.