Gosaingaon: গোসাঁইগাঁৱত ভয়ংকৰ ঘটনাঃতিনি বছৰে সমাজৰ পৰা এঘৰীয়া ৩ টা পৰিয়াল

গোঁসাইগাঁও ২৪ ছেপ্টেম্বৰ: Gosaingaon: গোসাঁইগাঁৱত ভয়ংকৰ ঘটনাঃতিনি বছৰে সমাজৰ পৰা এঘৰীয়া ৩ টা পৰিয়ালগোসাঁইগাঁও মহকুমাৰ আলিনগৰত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। গাঁৱৰ একাংশ লোকে ডাইনী বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰে তিনিটা পৰিয়ালক। গাঁওখনৰ বাসিন্দা তথা গাঁও বুঢ়া গণেশ চৰেন পিতৃ তিনি বছৰ পূৰ্বে ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। লোকজনৰ মৃত্যুৰ পিছৰ পৰাই ডাইনী অপবাদ দিয়ে গাঁৱৰ তিনি গৰাকী মহিলাক।
মহিলা তিনি গৰাকী ডাইনী বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰি ৰাখে।গণেশৰ লগতে গাঁৱৰ অন্যান্য লোক সকলে ডাইনী বুলি অপবাদ দি বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি অহাই নহয় ভাবুকি দি আহিছে পৰিয়াল তিনিটাক ।


এনেকি গাঁৱৰ কোনো লোকে মহিলা তিনি গৰাকীৰ ঘৰত গলে ৫০০ টকা জৰিমনা দিব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।
সমাজৰ পৰা এঘৰীয়া কৰা পৰিয়াল তিনিটা সমাজত নিবলৈ ৩০ হেজাৰ টকা বিচাৰে গাঁৱৰ মুৰৰবী গণেশ চৰেন ।
বিগত তিনিটা বছৰে এঘৰীয়া হোৱা পৰিয়াল তিনিটা এক আশংকাৰ মাজত কটাইছে।জীৱনৰ নিৰাপত্তা বিচাৰি ৭ আগষ্টত মহকুমাধিপতিক এখন অভিযোগ দাখিল কৰে যদিও কোনো সঁহাৰি লাভ নকৰিলে ।গাঁৱৰ লোক সকলে বিভিন্ন ভাবুকি দি আহিছে মহিলা তিনি গৰাকীৰ লগতে পৰিয়ালক।

Related Articles