Breaking

বিনামূলীয়াকৈ পাইছিল ‘লিপ ফিলাৰ’ৰ অফাৰ! এতিয়া ওঁঠৰ অৱস্থা এয়া…

0 116

বিনামূলীয়াকৈ ‘লিপ ফিলাৰ’ৰ অফাৰ পাই মহিলাগৰাকীয়ে কৰি দিলে লিপ ফিলাৰ , এতিয়া ওঁঠৰ অৱস্থা এয়া।
ইনষ্টাগ্ৰামত জেচিকা বেৰ্কোৱে লাভ কৰিছিল এক অফাৰ। এই অফাৰত তেওঁক বিনামূলীয়াকৈ ‘লিপ ফিলাৰ জব’ৰ সেৱা দিয়া বুলি কোৱা হৈছিল। আকৰ্ষণীয় দেখাবলৈ আৰু ‘নতুন ৰূপ’ পাবলৈ হ’লে বহু সময়ত মানুহে নিজৰ প্ৰকৃত সৌন্দৰ্য্যৰ সৈতে খেলা কৰে আৰু যেতিয়া এনে অফাৰ বিনামূলীয়াকৈ উপলব্ধ হয়, তেতিয়া বেছিভাগ মানুহেই গ্ৰহণ কৰাটো ভাল বুলি ভাবে। কাৰণ বিনামূলীয়া সৌন্দৰ্য্য সেৱা কোনে ভাল নাপায়? কিন্তু কেতিয়াবা এই সৌন্দৰ্য্য সেৱাৰ বাবেই মানুহে বেয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। তেনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ বাসিন্দা জেচিকা বেৰ্কো নামৰ এগৰাকী মডেল।

জেচিকাই কয়, লিপ ফিলাৰৰ কামটো কৰি যেতিয়া মই মোৰ গাড়ীলৈ উভতি আহিলোঁ, তেতিয়া মই বৰ নাৰ্ভাছ হ’বলৈ ধৰিলোঁ। মন কৰিছোঁ মোৰ ওঁঠ দুটা দুগুণ ডাঙৰ হৈ গৈছে। জেচিকাই টিকটকত “আগৰ” আৰু “পিছৰ” লুকৰ ছবি শ্বেয়াৰ কৰিছিল, বহু মানুহে ভয় খাইছিল তেওঁৰ ফটো দেখি। লিপ ফিলাৰৰ কামটো কৰি দিয়াৰ লগে লগে মোৰ ছালখন বৰ ৰঙা হৈ পৰিল।আন এটা ভিডিঅ’ত জেচিকাই দাবী কৰিছে যে চিৰিঞ্জ এটা শিৰাত সুমুৱাই দিয়াৰ ফলত তেওঁৰ ওঁঠ ফুলি উঠিছিল। ফুলি উঠা ওঁঠ দুটাৰ বাবে চিন্তিত হৈ জেচিকাই তাৰ পিছত আন এখন বিউটি পাৰ্লাৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে। তাতেই তাইৰ চিকিৎসা কৰা হৈছিল, তাৰ পিছত এসপ্তাহৰ পিছত তেওঁ পুনৰ স্বাভাৱিক হৈ পৰিছিল।

নিজৰ ভুলৰ পৰা শিকি জেচিকাই তেওঁৰ অনুৰাগীসকলক সতৰ্ক কৰি দিয়ে যে তেওঁলোকে কেতিয়াও অফাৰ পোৱা ঠাইৰ পৰা ফিলাৰ সেৱা ল’ব নালাগে। লগতে ফিলাৰ কৰা কৰ্মচাৰীসকলৰ পেছাদাৰী বা তেওঁলোকে এই কামটো সঠিকভাৱে কৰিব জানে নে নাই এই বিষয়ে আগতীয়াকৈ সকলো প্ৰয়োজনীয় সোধা-পোছা কৰক, যাতে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়।

Leave A Reply

Your email address will not be published.