Breaking

23rd Law Commission;২৩ সংখ্যক আইন আয়োগ গঠনক লৈ কেন্দ্ৰৰ অধিসূচনা; সদস্যৰ তালিকাত উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

16

বিগত ৩১ আগষ্টত ২২ সংখ্যক আয়োগৰ কাৰ্যকাল অন্ত পৰাৰ পিছতে ভাৰত চৰকাৰে তিনি বছৰৰ বাবে ২৩ সংখ্যক আইন আয়োগখন গঠন কৰে(Government Constitutes 23rd Law Commission) । নতুনকৈ গঠন কৰা এই আয়োগত এগৰাকী পূৰ্ণকালীন অধ্যক্ষকে ধৰি চাৰিগৰাকী পূৰ্ণকালীন সদস্য আৰু পাঁচগৰাকী অংশকালীন সদস্য অন্তৰ্ভূক্ত থাকিব । এই আয়োগত উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অধ্যক্ষ বা সদস্য হিচাপে নিযুক্তি দিব পাৰিব(Supreme Court and High Court judges)।

নতুন দিল্লী, ৩ ছেপ্তেম্বৰ: সোমবাৰে এটা গেজেট বিজ্ঞপ্তিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ ২৩ সংখ্যক আইন আয়োগৰ সংবিধানক তিনি বছৰৰ সময়সীয়াৰ বাবে অধিসূচনা জাৰি কৰে(Government Constitutes 23rd Law Commission), য’ত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰি থকা ন্যায়াধীশসকলক(Supreme Court and High Court judges) অধ্যক্ষ আৰু সদস্য হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে । ৩১ আগষ্টত ২২ সংখ্যক আইন আয়োগৰ(22nd law panel) কাৰ্যকাল অন্ত পৰাৰ পাছতে ২ ছেপ্তেম্বৰ, সোমবাৰৰ সন্ধিয়া এক গেজেট বিজ্ঞপ্তিৰ(gazette notification) জৰিয়তে জাৰি কৰা আইন মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি পেনেলত এজন পূৰ্ণকালীন অধ্যক্ষ আৰু সদস্য-সচিবকে ধৰি চাৰিজন পূৰ্ণকালীন সদস্য থাকিব। এই আয়োগত আইনী পৰিক্ৰমা বিভাগৰ সচিব(Department of Legal Affairs) আৰু বিধান বিভাগৰ সচিব(secretary of the Legislative Department) পদমৰ্যাদাৰ সদস্য হিচাপে থাকিব। অধিসূচনা অনুসৰি ইয়াত পাঁচজনতকৈ অধিক অংশকালীন সদস্য থাকিব নোৱাৰিব ।

অধিসূচনাখনত উল্লেখ কৰা হৈছে যে “উচ্চতম ন্যায়ালয়/উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত বিচাৰপতিসকলে আয়োগৰ অধ্যক্ষ/সদস্য হিচাপে নিয়োজিত হৈ আয়োগৰ কাৰ্যকাল শেষ নোহোৱালৈকে সম্পূৰ্ণ-সময়ৰ ভিত্তিত নিজৰ দায়িত্ব পালন কৰিব লাগিব।”

আয়োগৰ অধ্যক্ষ/সদস্য হিচাপে তেওঁলোকৰ কাৰ্যকালৰ সময়খিনিক “প্ৰকৃত সেৱা” হিচাপে গণ্য কৰা হ’ব।

লগতে অধিসূচনাখনত এইটোও উল্লেখ কৰা হৈছে যে, যদিহে “অন্য শ্ৰেণী”ৰ কোনো ব্যক্তিক অধ্যক্ষ বা পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হয় তেন্তে তেওলোকে প্ৰতিমাহে ২.৫০ লাখ টকাৰ ধনৰাশিৰে (নিৰ্দিষ্ট) দৰমহাৰ অধিকাৰী হ’ব। সদস্যৰ ক্ষেত্ৰত প্ৰতিগৰাকীৰ ক্ষেত্ৰত প্ৰতিমাহে এই ধনৰাশি ২.২৫ লাখ টকা (নিৰ্দিষ্ট) গ্ৰহণযোগ্য হ’ব।

অৱসৰপ্ৰাপ্ত ব্যক্তিৰ ক্ষেত্ৰত (অৱসৰপ্ৰাপ্ত ন্যায়াধীশকে ধৰি) দৰমহা (অৱসৰৰ সুবিধাৰ সমতুল্য পেঞ্চন বা পেঞ্চনকে ধৰি) প্ৰতিমাহে ২.৫০ লাখ টকা বা ২.২৫ লাখ টকা প্ৰদান কৰা হ’ব।

মন কৰিব লগীয়া যে, বিগত কেইটামান মাহ আয়োগৰ অধ্যক্ষ অবিহনেই ২২ সংখ্যক আইন আয়োগৰ কাৰ্যকালৰ অন্ত পৰিল যাৰ ফলত বহুকেইটা গুৰুত্বপূর্ণ প্ৰতিবেদন আয়োগে সম্পূৰ্ণ কৰিব পৰা নাছিল । ইউনিফৰ্ম চিভিল কোডৰ মূল প্ৰতিবেদন প্ৰস্তুতৰ কাম বৰ্তমানেও চলি আছে। তাৰোপৰি এককালীন নিৰ্বাচন সন্দৰ্ভত আইন আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদনখন সাজু হৈ আছে যদিও ইয়াক আইন মন্ত্ৰালয়ত এতিয়াও দাখিল কৰা হোৱা নাই।

অৱশ্যে এই পৰিস্থিতিৰ সম্পৰ্কে অৱগতসকলে উল্লেখ কৰিছিল যে অধ্যক্ষৰ অনুপস্থিতিত এনে গুৰুত্বপূৰ্ণ প্ৰতিবেদন দাখিল কৰাটো সম্ভৱ নহয় । উল্লেখ্য যে, ২২ সংখ্যক আইন আয়োগৰ মুৰব্বী ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ঋতুৰাজ অৱস্থিক কেইমাহ মানৰ পূৰ্বে লোকপালৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল(Justice (retd) Ritu Raj Awasthi)।

পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ(former president Ram Nath Kovind) নেতৃত্বত গঠিত এখন উচ্চ স্তৰীয় কমিটীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত “এক ৰাষ্ট্ৰ, এক নিৰ্বাচন”ৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন দাখিল কৰিছিল । তাৰোপৰি যোৱাটো বছৰত ২২ সংখ্যক আইন আয়োগে একেধৰণৰ নাগৰিক সংহিতাৰ সন্দৰ্ভত নতুনকৈ পৰামৰ্শ গ্ৰহণকে ধৰি আলোচনাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছিল। যিসময়ত সমাজৰ বিভিন্ন শ্ৰেনীৰ পৰা লাভ কৰা পৰামৰ্শৰ পিছত আয়োগে এক খচৰা প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া চলাই আছিল, সেই সময়তে ন্যায়াধীশ অৱস্থিক লোকপালৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল।

লগতে পঢ়ক: IAF Fighter Plane Crashes: ৰাজস্থানৰ বৰমেৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

Comments are closed.