নগাঁৱৰ আৱৰ্ত ভৱনত বৃহস্পতিবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাৰে আলোচনাত বহিল উৰিয়াগাঁৱৰ তিনিটাকৈ সংগঠন৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ লগতে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ শতাধিক ৰাইজৰ লগত আলোচনাত মিলিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উৰিয়াগাঁও চকত থলুৱা লোকৰ ব্যৱসায় উচ্ছেদ কৰা তথা ঐতিহাসিক উৰিয়াগাঁৱৰ খেলপথাৰত খেলৰ পৰিৱেশ ঘুৰাই অনা বিষয়ত বৃহত্তৰ উৰিয়াগাঁৱৰ লোকে কৰা প্ৰতিবাদৰ সকলো দাবীৰ ওপৰত পুংখানুপুংখভাবে আলোচনা কৰে মন্ত্ৰী হাজৰিকাই।
সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাক আলোচনাৰ বাবে দায়িত্ব প্ৰদান কৰাৰ পাছৰে পৰাই বিষয়টোৰ ইতিবাচক দিশেৰে আগবঢ়াই নিয়াৰ সিদ্ধান্ত মৰ্মে মন্ত্ৰী হাজৰিকাই জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰে বিভাগীয়ভাবে যোগসুত্ৰ স্থাপনৰ সিদ্ধান্ত লয়।
এই সিদ্ধান্ত অনুসৰি প্ৰাধিকৰণৰ পৰা উৰিয়াগাঁৱৰ চ’কৰ ঐতিহাসিক খেলপথাৰৰ ভূমি ৰাইজে ব্যৱহাৰ যাতে কৰিব পাৰে তাৰ বাবে চৰকাৰীভাবে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি জনাই মন্ত্ৰীজনে ৷ লগতে থলুৱা লোকসকলে যাতে কোনো সমস্যা নোহোৱাকৈ ব্যৱসায় চলাই যাব পাৰে তাৰ বাবেও স্থায়ী পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
এই সন্দৰ্ভত পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পাৰ্থজ্যোতি বৈৰাগীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তি যোগে জনায় যে- অসম চৰকাৰে ৰাইজৰ দাবীসমূহৰ প্ৰতি যোগাত্মক দৃষ্টিভংগী প্ৰকট কৰিছে৷ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কৰণীয় বেছি আছে৷
সেয়ে জিলা উপায়ুক্তজনে এই ক্ষেত্ৰত যাৱতীয় কাৰিকৰী পদক্ষেপ শীঘ্ৰে লৈ ৰাইজক খেলপথাৰখন শীঘ্ৰে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক৷ লগতে ব্যৱসায়ী সকলৰ সমস্যাসমূহৰ ক্ষেত্ৰত মন্ত্ৰী হাজৰিকাই কোৱাৰ দৰে কাৰ্যব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে নেতাদ্বয়ে৷
আলোচনা কালত লগতে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ উপৰিও ৰাজহ চক্ৰ বিষয়া কে ঈশান সিং আৰু সহকাৰী আয়ুক্ত জেবিন গুলনাৰ, লাট মণ্ডল মমিন মুক্তিয়াৰ সহিতে বহু লোক উপস্থিত থাকে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পৰা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপমণি বৰা, প্ৰচাৰ সম্পাদক দিগন্ত দাস, জিলাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পাৰ্থপ্ৰতীম বৈৰাগী সহিতে আঞ্চলিক সমিতিৰ পৰা সভাপতি ৰাজ হাজৰিকাকে লৈ দুকুৰি সতীৰ্থ উপস্থিত থাকে৷
উৰিয়াগাঁৱৰ জ্যেষ্ঠ নাগৰিক নাৰায়ন চন্দ্ৰ বনিয়া, পিতাম্বৰ শইকীয়া, ডা° হেমন্ত কুমাৰ গোস্বামী, গুণীণ হাজৰিকা, উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰা, সম্পাদক ৰূপৰাম হাজৰিকাকে ধৰি শতাধিক লোক উপস্হিত থাকে ৷ মন্ত্ৰী পীয়ুষ হাজৰিকাই বৃহত্তৰ উৰিয়াগাঁৱৰ ৰাইজৰ পক্ষত বৃহস্পতিবাৰে নগাঁও আবৰ্ত ভৱনত হোৱা আলোচনাত ইতিবাচক সঁহাৰি দিয়াৰ বাবে ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে ৷