২৮ জানুৱাৰী, ২০২৫ঃ Advantage Assam 2.0 । অসমলৈ অধিক বিনিয়োগকাৰী আকৰ্ষিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত “এডভান্টেজ অসম ২.০” নামৰ এখন বৃহৎ উদ্যোগ-সম্পৰ্কীয় মহা-সম্মিলন আয়োজন ।
এই প্ৰচেষ্টাৰ শুভাৰম্ভণি হিচাপে ভূমি পূজাৰ কাৰ্য সম্পন্ন কৰে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই। অসমলৈ বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে অহা ২৫ আৰু ২৬ ফেব্রুৱাৰীত অসম চৰকাৰে খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা ‘এডভান্টেজ অসম২. ০: বিনিয়োগ আৰু আন্ত:গাথনি সন্মিলন ২০২৫’ ৰ বাবে আজি ভূমি পূজা কৰে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।
উদ্যোগ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটা, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিং, উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিঙকে ধৰি উদ্যোগ বিভাগৰ ভালে সংখ্যক বিষয়া কৰ্মচাৰীৰ উপস্থিতিত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেৰে অনুষ্ঠানৰ ভূমি পূজাৰ পাছতে উদ্যোগ মন্ত্ৰী বড়াই পেণ্ডেলৰ লাই খুটাও স্হাপন কৰে।
ইয়াৰ পাছতে সাংবাদিকৰে হোৱা কথোপকথনৰ সময়ত উদ্যোগ মন্ত্ৰী বড়াই সন্মিলনৰ প্ৰথমদিনা উদ্বোধনী অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব বুলি উল্লেখ কৰি সন্মিলনত প্ৰায় তিনিশ গৰাকী শীর্ষ স্হানীয় দেশী বিদেশী উদ্যোগপতি আৰু তেওঁ লোকৰ প্ৰতিনিধি উপস্থিত থাকিব বুলিও প্ৰকাশ কৰে।
চিংগাপুৰ, মালয়েছিয়া, থাইলেণ্ড, ভূটান আৰু ইউৰোপিয়ান ইউনিয়ন বন্ধু ৰাষ্ট্ৰ হিচাপে থাকিব লগা এডভান্টেজ অসম২. ০ৰ ১৬খন বিশেষ সভা অনুষ্ঠিত হ’ব, ইয়াৰে আঠখন ছেক্টৰেল আৰু আঠখন থিমেটিক সভা হ’ব বুলি ব্যক্ত কৰি মন্ত্ৰী বড়াই এই সভা সমূহত কেন্দ্রীয় বিত্ত,বাণিজ্য, বৈদেশিক,ৰেল আৰু ইলেকট্রনিক্স,জাহাজ আৰু বন্দৰ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী কেইগৰাকী উপস্থিত থাকিব বুলিও বড়াই সাংবাদিকক অৱগত কৰে। সন্মিলনত বিনিয়োগকাৰী বনাম বিনিয়োগকাৰী তথা চৰকাৰ আৰু বিনিয়োগকাৰী বা ব্যৱসায়ীৰ মাজত আলোচনা সত্ৰৰ ব্যৱস্থাও থাকিব, মন্ত্ৰী বড়াই কয়।
খানাপাৰাৰৰ খেলপথাৰখনত সন্মিলনৰ সমান্তৰাল ভাৱে অসমৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ সমূহক প্ৰতিনিধিত্ব কৰা, অসমৰ ঐতিহ্যবাহী কলা সংস্কৃতি তথা প্ৰাকৃতিক পৰিৱেশক প্ৰতিনিধিত্ব কৰা আৰু অসমৰ উদ্যোগিক খণ্ডক প্ৰতিফলিত কৰা এক প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব বুলি ব্যক্ত কৰি মন্ত্ৰী বড়াই এই প্ৰদৰ্শনী খন সৰ্ব সাধাৰণ ৰাইজৰ বাবে ২৭ আৰু ২৮ ফেব্রুৱাৰীত মুকলি কৰি দিয়া হ’ব বুলি কয়।
অসমৰ সম্ভাবনা সমূহক সম্পদলৈ ৰূপান্তৰ কৰি ৰাজ্যখনক দেশৰ এখন আগশাৰীৰ উন্নত ৰাজ্যত পৰিণত কৰাৰ বাবে অসম চৰকাৰে আয়োজন কৰা 'এডভান্টেজ অসম২.০:বিনিয়োগ আৰু আন্ত: গাথনি সন্মিলন' খনি সফল কৰি তোলাৰ বাবে উদ্যোগ মন্ত্ৰী বড়াই সকলোৰে সহযোগিতা কামনা কৰে।
ভূমি পূজাৰ পিছত বৰাই কয় যে, “এডভান্টেজ অসম ২.০” অসম চৰকাৰৰ উদ্যোগিক পৰিৱেশ সৃষ্টিৰ এক গুৰুত্বপূর্ণ পদক্ষেপ, যাৰ জৰিয়তে ৰাজ্যখনৰ উদীয়মান উদ্যোগপতিৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, এই মঞ্চ অসমৰ মূলধাৰাৰ উদ্যোগ-বাণিজ্য, পৰ্যটন, কৃষি-প্ৰযুক্তি আৰু আইটী ক্ষেত্ৰকে ধৰি বিভিন্ন বিষয়ত আলোচনা হ’ব ।
“এডভান্টেজ অসম ২.০”ৰ অধীনত অসম চৰকাৰে ৰাজ্যখনৰ অৰ্থনীতি, পৰিকাঠামো আৰু উদ্যোগ খণ্ডৰ পূৰ্ণ বিকাশৰ উদ্দেশ্যে এক বিস্তৃত দৃষ্টিভংগীৰ ওপৰত কাম কৰি আছে। বিশ্বৰ বিভিন্ন ঠাইৰ পৰা বিনিয়োগকাৰী আৰু উদ্যোগপতিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ উদ্যোগ-বান্ধৱ পৰিবেশৰ বিষয়ে গভীৰভাৱে অৱগত হোৱাৰ সুযোগ পাব।”
অসম চৰকাৰ আশা প্ৰকাশ কৰিছে যে, এই মহা-সম্মিলনৰ জৰিয়তে অসমৰ উদ্যোগ, পৰ্যটন, কৃষি, আৰু অগ্ৰগতিশীল খণ্ডসমূহলৈ বিনিয়োগ আৰু নতুন প্ৰযুক্তি আগমন ঘটিব। লগতে, নতুন উদ্যোগপতি আৰু স্থানীয় ব্যৱসায়িক উদ্যমীসকলৰ বাবে ই এক শক্তিশালী প্লেটফৰ্ম হিচাপে কাম কৰিব।
এই অনুষ্ঠানৰ সফলতা অসম চৰকাৰৰ দীৰ্ঘম্যাদি লক্ষ্যক পূৰ্ণ কৰি ৰাজ্যখনক এটা উদ্যোগ-বান্ধৱ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মজবুত ভৱিষ্যত নিৰ্মাণ কৰিব বুলি আশা কৰা হৈছে।