Breaking

আজিলৈকে ঢুকি নাপালে চৰকাৰী আঁচনিয়ে : দিব্যাংগ ভাগিনীয়েকৰ ওপৰত নিৰ্ভৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ

0 2,023

একবিংশ শতিকাৰ তৃতীয়টো দশকৰ আৰম্ভণিটো যে সমাজৰ একাংশ লোকে কঠোৰ জীৱন সংগ্ৰাম কৰিব লগীয়া হৈছে সেই কথা পুনৰ প্ৰতীয়মাণ হৈছে। কুষ্ঠৰোগত আক্ৰান্ত সোণাৰিৰ  এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে এতিয়া উদঙাইছে বিকশিত অসমৰ প‍ঁয়ালগা ছৱি। সবকা সাথ সবকা বিকাশৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিকাশৰ আঁচনিয়েও যে এতিয়া ঢুকি পোৱা নাই সমাজৰ একাংশ লোকক সেই কথা প্ৰমাণিত হৈছে সোণাৰিৰ এই পৰিয়ালটোৰ কৰুণ গাঁথাই। সকলোৰে বাবে ঘৰ দিয়া বুলি যিসময়ত চৰকাৰৰ জনপ্ৰতিনিধিসকলে ভাষণৰ ফুলজাৰি মাৰি আহিছে সেই সময়তে ভগা জুপুৰীত বাস কৰিব লগীয়া হৈছে সোণাৰিৰ এই পৰিয়ালটো। সোণাৰি বিধানসভা সমষ্টিৰ কাণু গাঁৱৰ এটা পৰিয়ালৰ কঠোৰ জীৱন সংগ্ৰামৰ বিষয়ে পোহৰলৈ আহিছে সম্প্ৰতি। অসম-নগালেণ্ড আৰু অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী অঞ্চল কাণু গাওঁৰ বাসিন্দা পাপু মালহাৰৰ পৰিয়ালটোৰ দুৰ্দশাই উদঙাইছে বিকশিত অসমৰ প‍ঁয়ালগা ছৱি। এসময়ত কাণু চাহ বাগিচাত শ্ৰমিক হিচাপে নিয়োজিত পাপু মালহাৰ দুৰ্ভগীয়া পৰিয়ালটোক যে আজিলৈকে  চৰকাৰৰ কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই সেই বিষয়ে পোহৰলৈ আহিছে। উল্লেখনীয় কথাটো হ’ল পাপু মালহাৰ নামৰ ব্যক্তিগৰাকী কুষ্ঠৰোগত আক্ৰান্ত হোৱাত হাত-ভৰিবোৰ অকামিলা হৈ পৰাৰ ফলত বাগিচা কৰ্তৃপক্ষই কামৰপৰা আঁতৰাই দিয়ে আজিৰপৰা চাৰি বছৰ আগতে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰোগাক্ৰান্ত পাপু মালহাৰ পত্নী মণিকা মালহাৰে বাগিচাখনৰ শ্ৰমিক হিচাপে নিয়োজিত হৈ স্বামীসহ তিনিটাকৈ সন্তান আৰু জন্মান্ধ ভাগিনীয়েকক পোহপাল দিবলৈ আৰম্ভ কৰে। আনহাতে দুটকামান উপাৰ্জনৰ আশাত তিনিটা সন্তানৰ দহবছৰীয়া জ্যেষ্ঠ সন্তানটোক অৰুণাচলত কোনো লোকৰ ঘৰত বনকৰা ল’ৰা হিচাপে পঠিয়াই দিয়ে যদিও তিনি-চাৰিবছৰ হল আজিলৈকে কোনো সম্ভেদ নাই । এনে সময়তে এবছৰমান আগতে মণিকা মালহাৰো দুৰ্ঘটনাগ্ৰস্ত হৈ কঁকালৰ হাড় ভাঙি পৰাত কাম-বন কৰিব নোৱাৰা হৈ পৰাত পৰিয়ালটোৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে। ফলত জন্মান্ধ ভাগিনীয়েক ৰঞ্জিত মালহাৰে বিভিন্ন ঠাইত বাঁহী বজায় উপাৰ্জনৰ পথ বাছি লয় আৰু মোমায়েকৰ পুতেকক লগত লৈ হাট-বজাৰ আদিত বাঁহী বজায় আজি এবছৰে এনেদৰেই পৰিয়ালটোৱে জীৱিকা-নিৰ্বাহ কৰা পৰিলক্ষিত হৈছে। ইফালে এসময়ত বাগিছাৰ অস্থায়ী শ্ৰমিক হিচাপে নিয়োজিত পাপু মালহাৰৰ থাকিবলৈ এটা স্থায়ী ঘৰ নথকাত শেহতীয়াকৈ কাণুগাওঁৰ এখন অব্যহৃত পথাৰত এটা জুপুৰি সাজি বাস কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে নিজাকৈ এডোখৰ মাটি নথকা বাবেই চৰকাৰী এটা আবাসগৃহ তথা শৌচাগাৰৰপৰাও বঞ্চিত এই পৰিয়ালটোৰ নাই এখন ৰেচন কাৰ্ড। আনহাতে দিব্যাংগ ৰঞ্জিত মালহাৰে  আজিলৈকে লাভ কৰা নাই দিব্যাংগসকললৈ চৰকাৰে আগবঢ়োৱা সা-সুবিধা। আনকি দিব্যাংগৰ প্ৰমাণ পত্ৰখনৰপৰাও বঞ্চিত হৈ আছে ৰঞ্জিত। আনহাতে পাপু মালহাৰ আৰু পত্নী মণিকা মালহাৰে আজিলৈকে ভোটাৰ কাৰ্ড খনো নোপোৱা বুলি আক্ষেপ কৰা লগতে এটা বেংক একাউণ্ট খুলিব লৈও সক্ষম নোহোৱা বুলি দুখ প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে যি সময়ত চৰকাৰে বিকশিত অসমৰ শ্ল’গান দি ভাষণৰ ফুলজাৰি মাৰি থাকে সেই সময়ত এটা চৰকাৰী আৱাস গৃহ, শৌচাগাৰ, বিদ্যুৎ সংযোগ লাভ কৰাটো দূৰৰ কথা দৰিদ্ৰ পাপু মালহাৰে আজিলৈকে লাভ কৰা নাই চৰকাৰী বিনামূলীয়া চাউলকেইটা। একমাত্ৰ দিব্যাংগ ভাগিনীয়েকৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে এই পৰিয়ালটো। গাঁৱৰ গাওঁ বুঢ়া তথা ৱাৰ্ড সদস্যক এই বিষয়ে অৱগত কৰাৰ  পাছতো বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো গুৰুত্ব নিদিয়াত এনেদৰেই চলাই যাব লগীয়া হৈছে কঠোৰ জীৱন সংগ্ৰাম।

Leave A Reply

Your email address will not be published.