Government Sector School:টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৭ মাৰ্চ: টিংখাঙৰ এখন চৰকাৰী(Government Sector School) খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখা গ’ল এক বিপৰীত দৃশ্য।বিদ্যালয়খনত ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।

Oplus_16908288

বৃহত্তৰ টিংখাং অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত বটবৃক্ষ সদৃশ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত(Tingkhang Higher Secondary School) নামভৰ্তিৰ বাবে একপ্ৰকাৰ যেন ঢপলিয়াই আহিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল।(assam education minister)

টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ তথা বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলৰ নেৰা নেপেৰা প্ৰচেষ্টাত এক শৈক্ষিক জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বিদ্যালয়খনে।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু নৈতিক দুয়োটা দিশৰ গুৰুত্ব প্ৰদান কৰাটো এইখন বিদ্যালয়ৰ অন্যতম বৈশিষ্ট্য।যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ অনুশাসনৰ মাজেৰে শৈক্ষিক, মানসিক আৰু চাৰিত্ৰিক বিকাশৰ বাবে প্ৰচেষ্টা চলাই আহিছে বিদ্যালয়খনে।

টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সমাগম দেখি বাচনি পৰীক্ষা অনুষ্ঠিত কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

যি সময়ত চৰকাৰী খণ্ডৰ(Students flock to enroll in government schools) বহু বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰে বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে; তেনে সময়তে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ ব্যাপক উৎসাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এইয়া চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাবে এক আশা আৰু প্ৰত্যাক্ষাৰ ৰেঙণি কঢ়িয়াই আনিছে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে অভিভাৱকসকলে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হোৱাটো নিশ্চয়কৈ এক আশাৰ বাট মুকলি হৈছে৷

Related Articles