মুছলমানৰ জনসংখ্যা ৰোধ কৰিবলৈ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ন কৰক চৰকাৰেঃ প্ৰবীন ভাই টোগাড়িয়া

আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা ডাঃ প্ৰবীন ভাই টোগাড়িয়াৰ মন্তব্য-অসম আৰু সমগ্ৰ ভাৰতত হিন্দু সংকটত৷ মুছলমানৰ জনসংখ্যা ৰোধ কৰিবলৈ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ণ কৰক চৰকাৰে৷ বাংলাদেশী মুছলমানক চিনাক্ত কৰি খেদি পঠাব লাগিব৷
ওৰাঙত হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাৰীয়াৰ বিস্ফোৰণ। স্বভাৱসুলভ ভাবে মুছলমানক লক্ষ্য কৰি কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টোগাৰীয়াই। দেশত মুছলমানৰ বৰ্ধিত জনসংখ্যা বৃদ্ধিয়ে হিন্দু বিপদত পৰাৰ আশংকা নেতা গৰাকীৰ। আগন্তুক ৫০ বছৰৰ ভিতৰত মুছলমানৰ বৰ্ধিত জনসংখ্যাই হিন্দুৰ ঘৰ অসুৰক্ষিত হ’ব বুলি কাৰ্যকৰ্তাক মন্ত্ৰ পাঠ দিয়ে বিতৰ্কিত টোগাৰীয়াই। দেশ স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত হিন্দুৰ জনসংখ্যা ৮৭ শতাংশৰ পৰা ১০% হ্ৰাস হৈ ৭৭ % হৈছে আৰু মুছলমান ৬% পৰা বৃদ্ধি হৈ ১৪ শতাংশ হোৱাৰ দাবী নেতাজনৰ।

মুছলমানৰ জনসংখ্যাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ আইন প্ৰনয়নৰো পোষকতা কৰে প্ৰবীণ ভাই টোগাৰীয়াই। সমান্তৰালকৈ অসমৰ পৰা অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰীক চৰকাৰে এতিয়ালৈ বিতাৰিত নকৰাত চিন্তা ব্যক্ত কৰে হিন্দুত্ববাদী নেতা টোগাৰীয়াই । অসম তথা দেশৰ পৰা অনুপ্ৰবেশকাৰীক আতৰ কৰিব নোৱাৰিলে হিন্দু অসুৰক্ষিত বুলি দাবী বিতৰ্কিত নেতাজনৰ। ওদালগুৰিৰ ওৰাঙত ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মকৰ্তাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত এইদৰে কেবাটাও বিতৰ্কিত মন্তব্য আগবঢ়ায় উগ্ৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাৰীয়াই। ইফালে দেশৰ এক লাখ গ্ৰামাঞ্চলত হনুমান চালিছা কেন্দ্ৰ স্থাপনৰ লক্ষ্য বান্ধি লোৱাৰ কথা অৱগত কৰে টোগাৰীয়াই। হনুমান চালিছা কেন্দ্ৰত হিন্দুৰ সুৰক্ষা, স্বাস্থ্য, সন্মানৰ হকে কাম কৰিব।

দৰিদ্ৰ হিন্দুক খাদ্য, চিকিৎসা,নিৰোগী হৈ থকাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা থাকিব বুলি মন্তব্য কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অধ্যক্ষ প্ৰবীণ ভাই টোগাৰীয়াই। আনহাতে চলিত লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত কোনো দলৰ নাম নোলোৱাকৈ ভাল ফলাফল হ’ব বুলি কৌশলী মন্তব্য আগবঢ়ায় নেতা গৰাকীৰ। অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসমৰ ৰাজ্যিক উপসভাপতি দিগন্ত কোছ,ওদালগুৰি জিলা সমিতিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকল উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

Related Articles