সমগ্ৰ দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত প্ৰতিখন পূজা সমিতিয়ে দেৱী দুৰ্গাক বিসৰ্জন দিয়ে। সেই উদ্দেশ্যৰে মঙলবাৰে ঢেকীয়াজুলিত অজস্ৰ ভক্তৰ ভিৰ পৰিলক্ষিত হয়।
সমান্তৰালভাৱে দেৱীৰ বিসৰ্জনকলৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত দেখা গ’ল ব্যাপক আনন্দৰ পৰিবেশ। ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰতিখন দুৰ্গাপূজা উদ্যাপন সমিতিয়ে ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ সমদলেৰে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ বেলশিৰি নদীলৈ লৈ যায়।
হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে দেৱীৰ বিসৰ্জন স্থলীত।
-প্ৰশান্ত বৈশ্য, ঢেকীয়াজুলি