Breaking

ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা ! ঠেলামৰাৰ পৰা তীৰ মালিকক আটক কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষীয়ে…

0 25

ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা । শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা তীৰ মালিকক আটক কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী ৷ উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত সনাতনী বীৰ হিন্দু সেনাৰ লগতে বজৰং দলৰ একাংশ সদস্যৰ সহযোগত ঢেকীয়াজুলি আৰক্ষীয়ে যোৱাকালি বিয়লি অনুমানিক ৪ বজাত ঠেলামৰাৰ পৰা তীৰ বেপাৰী ইব্ৰাহীম শেখ নামৰ লোকজনক আটক কৰে ৷

ঢেকীয়াজুলি আৰক্ষীথানাৰ উপ পৰিদৰ্শক দীনেশ ডেকা আৰু জাকিৰ হুছেইনৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অভিযান চলাই ঠেলামৰাৰ পৰা ইব্ৰাহীম শেখ নামৰ তীৰ মালিকক আটক কৰিবলৈ সক্ষম হয়৷আজি ঢেকীয়াজুলি আৰক্ষীয়ে ১৩০/২০২৪ নম্বৰত এটি গোছৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ U/S-14 of assam Game & Betting act ৰ অধীনত গ্ৰেপ্তাৰ কৰি তীৰ খেলৰ মালিক ইব্ৰাহীম শেখক ন্যয়িক জিম্মালৈ প্ৰেৰণ কৰে৷

ইপিনে ঢেকীয়াজুলিৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত আনটোকৈ তীৰ বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ তীৰৰ মালিকক গ্ৰেপ্তাৰ কৰাত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে ঢেকীয়িজুলি আৰক্ষীক আজি ধন্যবাদ জনাইছে হিন্দুত্ববাদী নেতা মণিকণ দাস,মিঠুন সেন,চনাই দাসৰ লগতে বৰজৰং দলৰ কেন্দ্ৰীয় নেতা অভিষেক ঠাকুৰে৷

ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.