Breaking

সেউজ শাখা সাহিত্য সভা গোটানগৰৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন…

0 20

৭ জুলাই দেওবাৰে গোটানগৰস্থিত বনস্থলী একাডেমী প্ৰাঙ্গণত অসম সাহিত্য সভাৰ অন্তৰ্গত সেউজ শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশনখনি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অধিৱেশনস্থলীত ৰাতিপুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সেউজ শাখা সাহিত্য সভাৰ সভাপতি অধীৰ চন্দ্ৰ দাস দেৱে আৰু শাখাৰ সকলো সদস্যৰ কণ্ঠেৰে নিগৰিত অসমৰ জাতীয় সংগীতৰ লহৰত অঞ্চলটো মুখৰিত হৈ পৰে। স্মৃতি তৰ্পণ কৰে চাৰু লতা পাটোৱাৰীয়ে আৰু মুকলি সভাত বন্তি প্ৰজ্বলন কৰে কামৰূপ মহানগৰ জিলা উপ সভাপতি হৰেশ্বৰ ডেকাই। অসম সাহিত্য সভাৰ আৰম্ভণি গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰে শুভাৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰা শাখা সভাপতি অধীৰ চন্দ্ৰ দাসে আদৰণি ভাষণ ৰাখি সাহিত্যানুৰাগী ৰাইজক আপ্লুত কৰে।

এই অধিৱেশনত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক বিশিষ্ট সাহিত্যিক ড° জগদীশ পাটগিৰি আৰু কামৰূপ মহানগৰ জিলা সভাপতি শ্ৰীযুতা সবিতা দেৱীয়ে। ড° জগদীশ পাটগিৰিয়ে শাখা খনৰ উন্নতিৰ হকে কৰিব লগা বহু মূল্যবান পৰামৰ্শ দাঙি ধৰাৰ লগতে শাখাৰ উদ্যোক্তা সকলক ভূয়সী প্ৰশংসা কৰে। আনহাতে মুকলি সভাত বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে শাখাৰ সম্পাদক বৰ্ণালী ডেকা বৰঠাকুৰে। উল্লেখ্য যে অসম তথা ভাৰতবৰ্ষৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক আচাৰ্য ড° দেৱেন চন্দ্ৰ দাসে সেউজ শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক মুখপত্ৰ ‘সেউজ দৰ্পণ’ উন্মোচন কৰি ৰসাল ভাষণেৰে শাখাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সভাত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ আৰু অসম বাৰ্তা কাকতৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ লীলাধৰ হাজৰিকাৰ উপৰিও বিশিষ্ট সাহিত্যিক হৰেশ্বৰ ডেকা, অভিনেতা সৈত্যেন শৰ্মা, অসম সাহিত্য সভাৰ জিলা প্ৰতিনিধি মদন মেধি, হেমন্ত কুমাৰ দাস, দিলীপ কুমাৰ পাটগিৰি, মহেশ ৰাজবংশী, আৰু কল্পনা কুমাৰী দাসে আদি বহুজনে অংশগ্ৰহণ কৰে।

আনহাতে বাৰ্ষিক অধিবেশন খনিত উপ-সভাপতি কুশল কুমাৰ, সাংগঠনিক সম্পাদক নৱৰূপ মজুমদাৰ, কোষাধ্যক্ষ নগেন্দ্ৰ নাথ বৰ্মন, সহ-সম্পাদকদ্বয় ৰিংকু মনি দাস, টুটু মনি নাথ, পত্ৰিকা সম্পাদক মৌচুমী ভৰালী শৰ্মা, সাংস্কৃতিক সম্পাদক চাৰ্য্য ঠাকুৰীয়াৰ উপৰিও শতাধিক শুভাকাংশী সহযোগিতা আৰু বদান্যতা আছিল অপৰিসীম। কুশল কুমাৰৰ পৰিচালনাত সভাত কেইবাগৰাকীও স্থানীয় উদীয়মান শিল্পী গীত -মাত পৰিবেশন কৰাৰ লগতে আৰু বহু কেইজন কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। সভাৰ শেষত সকলোকে শলাগৰ শৰাই আগবঢ়াই নৱৰূপ মজুমদাৰে। শেষত জাতীয় সংগীত পৰিবেশনেৰে সভা ভঙ্গ হয়।

Leave A Reply

Your email address will not be published.