সুস্থ-সবল দেহত সেউজীয়া শাকেও বিপদ আনিব পাৰে…

আমি আমাৰ দেহটো সুস্থ-সবল নিৰোগীকৈ ৰাখিবলৈ হ’লে পুষ্টি গুণযুক্ত আহাৰ গ্ৰহণ কৰা উচিত। তেনে পুষ্টি গুণযুক্ত আহাৰৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ সেউজীয়া বা ৰঙীণ শাক অন্যতম। শাকত বিভিন্ন খাদ্যপ্ৰাণ(ভিটামিন) আৰু বিভিন্ন খনিজ লৱণ থকাৰ উপৰি ই তন্তুজাতীয় খাদ্য। শাকক সুষম আহাৰ হিচাপে গণ্য কৰা হয়, কাৰণ শাকত থকা বিভিন্ন ধৰণৰ পুষ্টি গুণে আমাৰ দেহত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰে।

আয়ুৰ্বেদ শাস্ত্ৰত শাকৰ ঔষধি গুণ আৰু বিভিন্ন শাকৰ উপকাৰিতাৰ কথা উল্লেখ আছে। সাম্প্ৰতিক সময়ত আমি বজাৰত দেখিবলৈ পোৱা সেউজীয়া শাকবোৰত প্ৰকৃত শাকৰ সোৱাদ বা পুষ্টিগুণ আছেনে? বজাৰৰ পৰা শাক কিনোতে আমি প্ৰত্যেকেই সাৱধান হোৱা দৰকাৰ। যদি আমি খাদ্য হিচাপে গ্ৰহণ কৰা শাক-পাচলিত বিভিন্ন ধৰণৰ অপুষ্টিকৰ তথা দূষণ পদাৰ্থ থাকে, তেনে শাক-পাচলিয়ে আমাৰ দেহত অনিষ্টহে কৰিব।

শাকত প্ৰধানতঃ দুই ধৰণৰ দূষণ হোৱা দেখা যায়-

জৈৱ দূষণ আৰু অজৈৱ বা ৰাসায়নিক দূষণ। কম-বেছি পৰিমাণে প্ৰায় সকলো শাকতে হয়। বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া, ভাইৰাছ, অন্যান্য ক্ষুদ্ৰ ক্ষুদ্ৰ অনুজীৱ আদিৰদ্বাৰা শাকত জৈৱ দূষণ হোৱা দেখা যায়। শাকৰ, ডাল, পাত, ফুল আৰু শিপাত এনেধৰণৰ দূষণ হোৱা দেখা যায়। যাক আমি সাধাৰণ দৃষ্টিৰে দেখা নাপাওঁ। বেছি পৰিমাণৰ বেক্টেৰিয়া বা ভাইৰাছে শাকৰ পাত, শিপা অথবা ফুলত আক্ৰমণ কৰিলেহে আমি সাধাৰণ চকুৰে দেখা পাওঁ। জৈৱ দূষণ বিভিন্ন কাৰণত হ’ব পাৰে। সেমেকা ঠাইৰ মাটি, শৌচ-প্ৰস্ৰাৱ কৰা স্থান, গেলা-পচা বস্তু জমা হৈ থকা স্থানৰ ওচৰে-পাঁজৰে থকা মাটিত শাকৰ খেতি কৰিলে জৈৱ দূষণ হোৱাৰ সম্ভাৱনা বেছি। শাকত হোৱা জৈৱ দূষণে শাকৰ ডাল, পাত, ফুল-ফলৰহে যে অনিষ্ট কৰে তেনে নহয়, তেনে শাক খাদ্য হিচাপে মানুহে গ্ৰহণ কৰিলে মানুহৰ দেহত বিভিন্ন ধৰণৰ ৰোগ হ’ব পাৰে। সেইবাবে শাক ৰন্ধাৰ আগেয়ে ভালদৰে পৰিষ্কাৰ পানীৰে তিনি-চাৰিবাৰ ধুই ল’ব লাগে। গৰম পানীৰে ধুই ল’ব পাৰিলে বেছি ভাল। শাক গৰম পানীত বেছি সময় তিয়াই থ’ব নালাগে। গৰম পানীত বেছিপৰ তিয়াই থ’লে শাকত থকা খাদ্যপ্ৰাণ নষ্ট হয়। ঠিক একেদৰে শাক ৰান্ধোঁতে বহু সময় উতলাই থাকিলে শাকৰ খাদ্য গুণ হ্ৰাস পায়।

অজৈৱ বা ৰাসায়নিক দূষণ বিভিন্ন কাৰকৰ পৰা হ’ব পাৰে। তাৰ ভিতৰত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিয়েই প্ৰধান। শাক-পাচলিৰ উৎপাদন বঢ়াবলৈ কম সময়ত শ্ৰীবৃদ্ধি হ’বলৈ আৰু বেছি দিনলৈ সংৰক্ষণ কৰাৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰে মানুহৰ দেহত মাৰাত্মকভাৱে ক্ষতি কৰিব পাৰে। পোক-পৰুৱা বা বেক্টেৰিয়আ আদি মাৰিবলৈ ব্যৱহাৰ কৰা কীটনাশক ঔষধবোৰৰপৰাও অজৈৱ দূষণ হয়। এনেধৰণৰ দূষণৰপৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে সচেতনতা।

আমাৰ সমাজত অতি পুৰণি কালৰেপৰা খেতিয়কসকলে সাধাৰণভাৱে খেতিপথাৰত জৈৱ সাৰ ব্যৱহাৰ কৰি আহিছে। তেনে জৈৱ সাৰৰ ভিতৰত গৰুৰ গোবৰ, কেঁচু সাৰ, জাবৰ-জোঁথাৰ পচাই কৰা পচন সাৰ আদিয়েই প্ৰধান আছিল। সাম্প্ৰতিক সময়ত কম ঠাইত বেছি উৎপাদন পোৱাৰ আশাত বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰে। ফলত সেই সাৰবোৰত থকা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰে মাটি, পানী আদি প্ৰদূষিত কৰাৰ লগতে জনস্বাস্থ্যলৈও ভাবুকি আনিছে।

লেখক: মুনীন কাকতি

Related Articles