পিতৃ শত্ৰুঘনৰ মুখত দুখ, মাতৃ পুনমৰ চকুলো! বিয়াৰ ১৪ দিনৰ পাছত কান্দিলে সোণাক্ষী সিনহাই…

অভিনেত্ৰী সোনাক্ষী সিনহা আৰু অভিনেতা জহীৰ ইকবাল বিশেষ বিবাহ আইনৰ অধীনত ২৩ জুনত বিবাহপাশত আৱদ্ধ হয়। ইয়াৰ পিছত দম্পতীহালে মুম্বাইত গ্ৰেণ্ড ৰিচেপচন পাৰ্টি থ্ৰ’ কৰে। য’ত বলীউড জগতৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে। বিয়াৰ ১৪ দিনৰ পাছত সোণাক্ষী সিনহাৰ এনে কি হ’ল, যাৰ বাবে অভিনেত্ৰীগৰাকী আৱেগিক।

বিয়াৰ ১৪ দিনৰ পিছত মাতৃগৃহৰ স্মৃতিয়ে খেদি ফুৰা সোণাক্ষী সিনহাই বিদায়ৰ ছবি শ্বেয়াৰ কৰাৰ সময়তে ইনষ্টাগ্ৰামতো লিখিছে আৱেগিক বাৰ্তা। সোণাক্ষীয়ে লিখিছে, “বিয়াত যেতিয়া মায়ে গম পালে যে মই ঘৰৰ পৰা ওলাই যাম, তেতিয়া তেওঁ কান্দিবলৈ ধৰিলে।” মই তেওঁক ক’লোঁ, ‘মা, চিন্তা নকৰিবা… বান্দ্ৰা জুহুৰ পৰা মাত্ৰ ২৫ মিনিটৰ দূৰত্বত।’

ক’লা-বগা ফটো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত বিদায় দিলে সোণাক্ষী সিনহাই। তাত তেওঁৰ মাতৃ পুনম সিনহাক কান্দি থকা দেখা যায়। একে সময়তে পিতৃ শত্ৰুঘন সিনহাৰ মুখত তেওঁৰ কন্যাক বিদায় দিয়া দুখ স্পষ্টকৈ দেখা গৈছে। অৱশ্যে এই ছবিবোৰতো সোনাক্ষী সিনহাৰ ভাতৃ লুভ আৰু কুশ দেখা পোৱা নাই।

Related Articles