Breaking

গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা; বিজেপিৰ তৎপৰতা আৰম্ভ

0 30

ভাৰতীয় নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে। ১৮২ খন বিধানসভাৰ আসনবিশিষ্ট ৰাজ্যখনত ১ ডিচেম্বৰ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই ঘোষণাৰ পাছতেই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচন সমিতিয়ে বৃহস্পতিবাৰে জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰে। ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে তিনিজনকৈ প্ৰাৰ্থী বাছনি কৰা সন্দৰ্ভত বৈঠকখন অনুষ্ঠিত হয়। বাছনি কৰা তিনিজন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত বাছনিৰ বাবে দিল্লীত বিজেপিৰ সংসদীয় পৰিষদলৈ প্ৰেৰণ কৰা হ’ব। দলৰ মুখপাত্ৰ য়াগনেশ দাভে কয় যে, অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বৈঠকৰ প্ৰথম দিনা উপস্থিত আছিল।

গুজৰাট নিৰ্বাচনৰ সন্দৰ্ভত প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াৰ অংশ হিচাপে, দলটোৱে বিগত সপ্তাহত ৰাজ্যখনৰ প্ৰতিখন জিলা আৰু ছয়খন চহৰলৈ ৩৮ টা পৰ্যবেক্ষকৰ দল প্ৰেৰণ কৰিছিল। টিকট প্ৰত্যাশীসকলে পৰ্যবেক্ষকৰ আগত তেওঁলোকৰ প্ৰেজেণ্টেচন দিছিল। ইয়াৰ পূৰ্বে, বিজেপিয়ে কৈছিল যে তেওঁলোকে ১৮২খন আসনৰ প্ৰতিটো টিকটৰ বাবে গড়ে ৫০ জন প্ৰাৰ্থীৰ পৰা প্ৰতিনিধিত্ব লাভ কৰিছে। পৰ্যবেক্ষকৰ দলটোৱে সেই তালিকাখন দলৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ ওচৰত উপস্থাপন কৰিছিল। দলীয় সূত্ৰ অনুসৰি, নিৰ্বাচন সমিতিয়ে প্ৰাৰ্থী বাছনি কৰে।

১৮২ খন আসনৰ প্ৰতিখনৰ বাবে তিনিজন প্ৰাৰ্থীৰ এটা পেনেল গঠন কৰিছিল-

১৮২ খন আসনৰ প্ৰতিটোৰ বাবে তিনিজনীয়া প্ৰাৰ্থীৰ এটা পেনেল গঠন কৰা হ’ব। য়াগনেশ দাভে কয়, “তিনিদিনীয়া বৈঠকৰ প্ৰথম দিনা দলটোৰ নিৰ্বাচনী সমিতিয়ে ১২ খন জিলাৰ ৪৭ খন আসনৰ বাবে তিনিজনকৈ প্ৰাৰ্থীৰ এটা পেনেল চূড়ান্ত কৰে।” তেখেতে কয় যে বৈঠকখন আৰু দুদিন ধৰি চলিব আৰু প্ৰয়োজন হ’লে চতুৰ্থ দিনাও অব্যাহত ৰখা হ’ব। প্ৰতিখন আসনৰ বাবে তিনিজনকৈ প্ৰাৰ্থী বাছনি কৰাৰ পিছত তালিকাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডলৈ প্ৰেৰণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.